দলংঘাটঃ দৰং জিলাৰ ঐতিহ্যমণ্ডিত দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত মঙলবাৰে ছাত্ৰ একতা সভাৰ এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়৷ সভাত মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত গ্ৰহণ কৰাৰ লগতে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা যাচে মহাবিদ্যালয় কৰ্তৃপক্ষই৷

মঙলবাৰে পুৱা মহাবিদ্যালয় খনৰ অধ্যক্ষা ড০ গীতালি কলিতাই পতাকা উত্তোলন কৰাৰ পিছতে সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন বৈশ্যই৷ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ উপ-সভাপতি নিখিল শৰ্মাই৷

শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়ৰ কাৰ্যলয় সহায়ক নিপাংক শৰ্মাই৷ মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হেমচন্দ্র চহৰীয়াই। মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতাৰ সঞ্চালনাত বটাঁ বিতৰনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

সভাত দেওমৰনৈ স্নাতক মহাবিদ্যালয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত ভাৰত ভূষণ মহন্ত আৰু ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত হৰেন্দ্ৰনাথ শৰ্মাক সম্বৰ্ধনা জনায়। মহাবিদ্যালয়ৰ সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক কবিতাপুথি কবিকণ্ঠ উন্মোচন কৰা হয়। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কৈলাশ ডেকাই আৰু সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰে সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক বিনয় ভূষণ শৰ্মাই।