
গৰৈমাৰিঃ নিৰ্বাচন আহিলে হে সংখ্যালঘুৰ কথা মনত পৰে একাংশ লোকৰ৷ বিশেষকৈ চৰ অঞ্চলৰ সংখ্যালঘু সকলক একাংশ মাতব্বৰে বছৰ বছৰ ধৰি শোষণ, শাসন কৰি থকা দেখা যায়৷ ৰাজনৈতিক দলৰ নেতাসকলে সংখ্যালঘুৰ ভোটৰ বাবে নানা প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিওঁ নিৰ্বাচনত জয়ী হৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলক ঘুৰি চাবলৈ আহৰি নোপোৱা হয়৷
নিৰ্বাচনৰ সময়ত সংখ্যালঘু দৰদী নেতা-কৰ্মীয়ে ঘৰিয়ালৰ চকুপানী টুকি ভোট ভিক্ষা কৰে৷ ভোট লাভ কৰি নিৰ্বাচনত জয়ী হৈ তাৰ পিছৰে পৰা ঘুৰি নাচায় সংখ্যলঘু এলেকাক তথা দৰিদ্ৰ লোকসকলক৷ বিশুদ্ধ খোৱাপানী, বাট-পথ, শিক্ষা, স্বাস্থ্য, কৃষি আদিত ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বছৰ বছৰ ধৰি৷ তাৰ মাজত এখন দুখ লগা ছবিয়ে চৰকাৰ, মন্ত্ৰী, বিধায়ক, আমোলাৰ সংখ্যালঘুৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়ে৷
হাবি জংঘলৰ মাজত লাখ লাখ টকাৰ দৰিদ্ৰ লোকৰ সামগ্ৰী জহি খহি যোৱাৰ দৃশ্যই সকলোকে আঁচৰিত কৰে৷ চৰৰ ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰে যোগান ধৰা সামগ্ৰী সমূহ ৰাইজৰ ওচৰ নাপাওঁতেই জহি খহি গৈছে৷ সংখ্যালঘু দৰদী মন্ত্ৰী বিধায়কে সচাকৈ সংখ্যালঘুৰ উন্নয়ণ বিছাৰেনে৷ এই প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি ইয়াকে ভাবিবলৈ বাধ্য হৈছে চৰৰ সংখ্যালঘু লোকে৷ চৰকাৰৰ চৰ উন্নয়ন বিভাগ কিমান সফল এই প্ৰতিচ্ছবিয়ে সকলো উদঙাই দিছে৷
দক্ষিণ কামৰূপৰ ছয়গাঁও বিধান সভা সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত চৰকাৰে যোগান ধৰা টেক্টৰ, পাৱাৰ পাম্প, পাৱাৰ টিলাৰ, স্প্ৰে মেচিন আদি হিতাধিকাৰীৰ ওচৰ নাপাওঁতেই হাবি-জংঘলত নষ্ট হৈ গৈছে৷ চৰ উন্নয়নৰ প্ৰকৃত ছবি খন গৰৈমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বাহিৰত হাবি-জংঘলৰ মাজত বছৰ বছৰ ধৰি পৰি থকা দৃশ্যই উদঙাই দিছে৷ ৰদে বৰষুণে এনে এনেদৰে জহি খহি নষ্ট হৈ যোৱা সামগ্ৰী সমূহ চৰ অঞ্চলৰ হিতাধিকাৰীক বিতৰণ কৰিব লাগিছিল কাৰ্যালয়টোৱে।
কিন্তু হিকাধিকাৰী নিৰ্বাচনৰ খাম খেয়ালিৰ বাবে পৰিত্যক্ত অৱস্থাত পৰি থাকিল বছৰ বছৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত চৰকাৰী সামগ্ৰীৰ এনে অপচয়ৰ দৃশ্যই চিন্চিত কৰিছে সাধাৰণ লোকক। গৰৈমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বাহিৰত এইদৰে তিনি চাৰি বছৰ ধৰি পৰি ৰৈছে চৰ উন্নয়নৰ সামগ্ৰী। একাংশ লোকে অভিযোগ কৰা মতে ৰাজনৈতিক খোৱা কামোৰা তথা হিতাধিকাৰী নিৰ্বাচনৰ খাম-খেয়ালিৰ বাবে এনেদৰে পৰি ৰয় সামগ্ৰী সমূহ৷ দুটা ৰাজনৈতিক দলৰ মাতব্বৰৰ অৰিয়াঅৰিৰ বাবে এনদৰে পৰি ৰয় সামগ্ৰী সমূহ৷