তুলসীবাৰীঃ শনিবাৰে শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে৷ অন্তিম দিনটোত ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীতো উলাহ-মালহেৰে বিজয়া দশমী পালন কৰা হয়৷

পুৱাৰে পৰা প্ৰতিকুল বতৰক নেওচি অঞ্চলটোৰ অগণন ভক্তই   দুখনকৈ পূজা মণ্ডপত ভীৰ কৰা পৰিলক্ষিত হয়৷ ঐতিহ্যমণ্ডিত তুলসীবাৰী বাৰোৱাৰী দুৰ্গা পূজা আৰু মাহতলী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপৰ পৰা ভক্ত সকলে হাতে হাতে ধুপ ধুনা লৈ শংখ ঘণ্টা আৰু ঢাকৰ শব্দৰে মুখৰিত কৰি দেৱী দুৰ্গাক লৈ সমগ্ৰ অঞ্চল পৰিভ্ৰমন কৰে৷

মহা ধূমধামেৰে অঞ্চলটোৰ ইমুৰৰ পৰা সিমুৰলৈ ধৰ্মপ্ৰান ৰাইজে প্ৰবল বৃষ্টিপাতকো নেওচি হিল-দল ভাঙি দুৰ্গোতসৱৰ ৰঙত ৰঙীন হৈ বৰলীয়া নৈৰ জয়ন্তীপুৰ ঘাটত শান্তি পূৰ্ণ ভাৱে দেবীৰ প্ৰতিমা বিসৰ্জন দিয়ে৷