newsnextone.com | শিৱসাগৰঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত উজনি অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে 'Dew Drops' নামৰ পানীৰ কোম্পানীটোৰ বিৰুদ্ধে। শিৱসাগৰ চহৰস্থিত 'Dew Drops' নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কেইবাটাও লেতেৰা সামগ্ৰী থকা পানীৰ বটল উদ্ধাৰ হয় শিৱসাগৰ চহৰত।

জানিব পৰা মতে, কোম্পানীটোৱে বিভিন্ন দোকানত যোগান ধৰি আহিছে পানীৰ বটল। তাৰ মাজতে শিৱসাগৰ চহৰৰ মাজ মাজিয়াৰ এখন দোকানত এগৰাকী গ্ৰাহকে বিশুদ্ধ খোৱা পানীৰ কিনি খোৱাৰ সময়ত বটলত কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰাৰ লগতে কীট-পতংগ উদ্ধাৰ কৰে।

শিৱসাগৰত ঘাটি পাতি ব্যৱসায় কৰি থকা 'Dew Drops' নামৰ প্রতিষ্ঠানটোৱে খোৱা পানীৰ নামত বজাৰত বৰবিহ বিক্ৰী কৰা বুলি অভিযোগ দীৰ্ঘদিনৰ। প্রতিষ্ঠানটোৱে বিশুদ্ধ খোৱা পানীৰ বটলত ইয়াৰ পূৰ্বে উদ্ধাৰ হৈছিল শেলুৱৈ। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিক্ৰেতা প্রতিষ্ঠানটোৰ পানীৰ বটলত জাৱৰ-শেলুৱৈ উদ্ধাৰ হৈছিল বুলি জানিব পৰা যায়। ইমানৰ পাছতোঁ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাত পানীৰ বটলত শেলুৱৈ উদ্ধাৰ হয়। শিৱসাগৰ জিলা প্রশাসনক অৱগত কৰি বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনায়।

ৰাইজক বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় কৰা অহা পানী ব্যৱসায়ী প্রতিষ্ঠানটোৰ বিৰূদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায় ৰাইজে।