লংকাঃ সমগ্ৰ ভাৰততে ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে যোগ গুৰু বাবা ৰামদেৱৰ 'পতঞ্জলি' কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধি তথা অন্যান্য খাদ্য সামগ্ৰীয়ে। অসমতো ইতিমধ্যে উক্ত কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ঔষধ তথা খাদ্য সামগ্ৰীয়ে গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

পতঞ্জলিৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী যথেষ্ট উন্নত মানৰ আৰু নিৰ্ভেজাল বুলি গ্ৰাহকে সদায় পতঞ্জলিৰ সুনাম কৰি আহিছে। নিৰ্ভেজাল খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে পতঞ্জলিৰ দোকান সমূহত গ্ৰাহকৰ সদায় ভিৰ পৰিলক্ষিত হয়। সাম্প্ৰতিক সময়ত বজাৰত বিক্ৰী হৈ থকা ভেজাল খাদ্য সামগ্ৰী খোৱাৰ পৰা ৰক্ষা পোৱাৰ বাবে পতঞ্জলিৰ খাদ্য সামগ্ৰীক একপ্ৰকাৰে বিকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে বহুজনে। 

কিন্তু হোজাই জিলাৰ লংকাৰ উদালীত সংঘটিত হোৱা এক ঘটনাৰ পাছৰে পৰা পতঞ্জলিৰ খাদ্য সামগ্ৰী গ্ৰহণৰ পূৰ্বে এশ বাৰ ভাবিবলগীয়া হৈছে গ্ৰাহকে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ পূৱ উদালীত বৃহস্পতিবাৰে লংকাৰ এখন পতঞ্জলিৰ সামগ্ৰী বিক্ৰী কেন্দ্ৰৰ পৰা "পতঞ্জলি মিক্স ফ্ৰুইট জুচ" নামৰ এবিধ পনীয়া খাদ্য সামগ্ৰীৰ এক লিটাৰ পৰিমাণৰ তিনিটাকৈ পেকেট ক্ৰয় কৰি আনিছিল। কিন্তু সন্ধিয়া পনীয়া জুইচ বিধ পান কৰিবলৈ গৈ পৰিয়ালটোত লাগিল হুৱা-দুৱা।

পাহি দেৱী নামৰ যুৱতী গৰাকীয়ে সেই জুচ পেকেটৰ পৰা পনীয়া সামগ্ৰী বিধ পান কৰি থাকোতে পনীয়া খাদ্য বিধৰ সোৱাদ অলপ বেলেগ ধৰণৰ যেন অনুভৱ হোৱাত সন্দেহবশত পেকেটটো খুলি চোৱাৰ পাছত হে উৰহী গছৰ ওৰ ওলাল। যুৱতী গৰাকীয়ে পেকেট খুলি জুচৰ পেকেটৰ ভিতৰত বৃহৎ আকাৰৰ পোক  জাতীয় কেইবাটাও বস্তু প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘৰখনত হুৱা দুৱা লাগে। 

ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত যুৱতী গৰাকীয়ে ফেচবুক যোগে এটি পোষ্ট কৰি দৃশ্য সহ সমগ্ৰ ঘটনা সদৰি কৰে। পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়া মতে  পৰিয়ালটোৱে সমগ্ৰ ঘটনা পতঞ্জলিৰ বস্তু ক্ৰয় কৰা বিক্ৰী প্ৰতিষ্ঠান খনৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত ক্ৰয় কৰা বাকী দুটা জুচৰ পেকেট ওভাইতাই দিবলৈ কয় প্ৰতিষ্ঠান কৰ্তৃপক্ষই। 

 যিটো সময়ত পতঞ্জলিৰ খাদ্য সামগ্ৰীয়ে গ্ৰাহকৰ মাজত ব্যাপক হাৰত জনপ্ৰিয়তা লাভ কৰি আহিছে। তেনেহেন সময়ত পতঞ্জলিৰ দ্বাৰা প্ৰস্তুত কৰা উক্ত সামগ্ৰীৰ পেকেটত এনেধৰণৰ শেলাই অথবা পোক জাতীয় পদাৰ্থ উদ্ধাৰ হোৱাটোৱে পতঞ্জলিৰ খাদ্য সামগ্ৰীৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত সাধাৰণ গ্ৰাহকৰ মনত কি প্ৰভাৱ পেলায় অথৱা পতঞ্জলি কতৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ'ব।