
তিনিচুকীয়াঃ তিনিমাহ সম্পূৰ্ণ হৈ গ’ল ধলা-শদিয়া দলঙৰ৷ ৯.১৫ কিঃমিঃ দৈৰ্ঘ্যৰ ভাৰতবৰ্ষৰ দীৰ্ঘতম দলঙখলে গৰকিলে তিনিটা মাহ৷ ২৫ মে তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰা ভাৰতবৰ্ষৰ ইতিহাসত সবাতোকৈ দীঘল দলংখনৰ নাম ঘোষনা কৰা হ’ল এজন খাটি অসমায়াৰ নামেৰে৷
পিছে ড০ ভূপেন হাজৰিকা সেতু বুলি ঘোষনাহে কৰা হ’ল, কিন্তু কাৰ্যতঃ ধলা-শদিয়া দলঙৰ ওপৰত আজিও নালাগিল ড০ ভূপেন হাজৰিকা সেতুৰ নামফলক কিম্বা ফটো৷ ড০ ভূপেন হাজৰিকা সেতুৱে তিনিমাহ সম্পূৰ্ণ কৰাৰ পাছতো কিয় লগা নাই নামফলক, সেই লৈ এতিয়া বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে৷
ৰাজ্যৰ ২২ খন মহাবিদ্যালয়ৰ নামাকৰণ এজন অনা-অসমীয়াৰ নামেৰে কৰিবলৈ বিচৰা কথাটোক টিপ্পনী হিচাপে লৈ বহুতে ধলা-শদিয়া দলঙৰ নাম ড০ ভূপেন হাজৰিকা নাৰাখি দীনদয়াল উপাধ্যায় ৰখা হলে চৰকাৰে নিশ্চয় এতিয়ালৈকে নামফলকৰ লগতে প্ৰতিমূৰ্ত্তিও স্থাপন কৰিলেহেঁতেন বুলিও ক্ষোভ প্ৰকাশ কৰিছে৷
শেহতীয়াকৈ চৰকাৰৰ এনে অমনোযোগী কাণ্ডত অতিষ্ঠ হৈ ধলা-শদিয়া দলঙৰ ওপৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ছবি আৰু নামফলক লগাবলৈ প্ৰস্তুত হৈছে R K Welfare Society নামৰ এটা বেচৰকাৰী সংগঠন৷
তিনিচুকায়া জিলাৰ কাকোপথাৰস্থিত এই বেচৰকাৰী সংগঠনটোৰ উপদেষ্টা তপন শৰ্মাই সাংবাদিকক কয় যে- যদি ৰাজ্য চৰকাৰে অতি শীঘ্ৰে দলংখনত সুধাকন্ঠগৰাকীৰ নামফলক লগোৱাৰ ব্যৱস্থা নকৰে, তেন্তে পৰৱৰ্তী সময়ত দলংখলত সুধাকন্ঠৰ নাম আৰু প্ৰতিচ্ছবি লগোৱাৰ দায়িত্ব সংগঠনটোৱে নিজেই গ্ৰহণ কৰিব৷
সংগঠনটোৱে ইতিমধ্যে ড০ ভূপেন হাজৰিকাৰ নামৰ ফলক প্ৰস্তুত আছে বুলি কৈ শীঘ্ৰে দেশৰ দীৰ্ঘতম দলংখনৰ ওপৰত সুধাকন্ঠৰ নামফলক লগাবলৈ চৰকাৰক দাবী জনায়৷