কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ নৃশংস হত্যাকাণ্ডক লৈ আজিও কোকৰাঝাৰত চেপা উত্তেজনাই বিৰাজ কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। চহৰৰ নাতিদূৰৈৰ মোকৰাপাৰাত হাজাৰ হাজাৰ জনতাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে, আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিও লাগে।

কেৱল কোকৰাঝাৰতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনতাই প্ৰতিবাদ সাব্যস্ত কৰাত লাফিকুলৰ হত্যাকাণ্ডক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চেপা উত্তেজনাৰ সৃষ্টি হয়। বিটিএডিৰ সংখ্যালঘু জনতাৰ অধিকাৰ, ন্যায়ৰ বাবে সততে প্ৰতিবাদী কণ্ঠৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা লাফিকুল ইছলাম আহমেদৰ নিৰ্মম হত্যাকাণ্ডক সকলোৱে একেমুখে ৰাজনৈতিক হত্যাকাণ্ড বুলি মন্তব্য কৰিছে।

♦ কোকৰাঝাৰত আৰক্ষী সঞ্চালক প্ৰধান

♦ এছ আই টি গঠন কৰি তদন্তৰ নিৰ্দেশ 

♦ লাফিকুলৰ বাসগৃহত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

♦ চিবিআই তদন্তৰ আশ্বাস হাগ্ৰামাৰ

♦ নিশা ১ বজাত ঘটনাস্থলীত প্ৰমীলা ৰাণী ব্ৰহ্ম

♦ শোভাযাত্ৰাৰ অন্তত শেষকৃত্য সম্পন্ন

হত্যাকাণ্ডক লৈ প্ৰায় সকলো অৰাজনৈতিক দল-সংগঠনৰ সহযোগত এবিএমছুৱে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাত অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কোকৰাঝাৰত পৰ্দাপণ কৰে আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কোকৰাঝাৰত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে কোকৰাঝাৰস্থিত আৰক্ষী অতিথি শালাত  আৰক্ষী-নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷

ইয়াৰ পিছতে সাংবাদিকৰ আগত আৰক্ষী সঞ্চালক প্ৰধান সাহাই কয় যে ঘটনা সংক্ৰান্তত কোকৰাঝাৰ সদৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট (এছআইটি)গঠন কৰি ক্ষিপ্ৰ তদন্তৰ বাবে নিৰ্দেশনা দিয়া হৈছে ৷ ইতিমধ্যে ঘটনাৰ সতে জড়িত থকাৰ সন্দেহত কেবাজনো লোকক আটক কৰা হৈছে আৰু সোধ-পোচ অব্যাহত ৰাখিছে৷

এবিএমছুৰ সভাপতি লাফিকুল ইছলামক কোনে হত্যা কৰিলে সেই সন্দৰ্ভত কেইবাটাও দিশ সাঙুৰি তদন্ত চলোৱা হৈছে বুলি মন্তব্য কৰে মুকেশ সহাই। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বড়োলেণ্ড অতিথিশালাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতেও এক বৈঠকত মিলিত হয় আৰু আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

যোৱা নিশা মৰণোত্তৰ পৰীক্ষাৰ পিছত লাফিকুল ইছলাম আহমেদৰ মৃতদেহক লৈ এক অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হয়। এবিএমছুৰ কৰ্মী-সদস্যই লাফিকুল ইছলাম আহমেদক শেষ শ্ৰদ্ধা নিৱেদন কৰিবলৈ কোকৰাঝাৰস্থিত ভোটগাওঁত থকা ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয় লৈ যাবলৈ বিচাৰে যদিও জিলা প্ৰশাসনে বাধা প্ৰদান কৰে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতো প্ৰায় চাৰিঘণ্টা জুৰি মৃতদেহ গাড়ীতে থাকে৷

এই লৈআৰক্ষীৰ সৈতে এবিএমছুৰ কৰ্মীসকলৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু এবিএমছুৰ কৰ্মীসকলে প্ৰশাসনে মৃতদেহক অপমান কৰাৰ লগতে মানৱ অধিকাৰ ভংগ হোৱা বুলি অভিযোগ উত্থাপন কৰে। ঘটনাস্থলীত নিশা প্ৰায় ১ মান বজাত বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত হয় আৰু বিষয়টোত হস্তক্ষেপ কৰি আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইৰ সতে টেলিফোনত বাৰ্তালাভ কৰে।

লাফিকুলৰ মৃতদেহ এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ নিয়াৰ বাবে অনুমতি প্ৰদানত আৰক্ষীয়ে বহু সময় ধৰি হোহোকা-পিছলা কৰাৰ অন্তত অৱশেষত নিশা প্ৰায় ২মান বজাত কেন্দ্ৰীয় কাৰ্যালয়লৈ নিবৰ বাবে অনুমতি প্ৰদান কৰি আৰক্ষীয়ে এছক'ৰ্ট দি নিয়ে যদিও কিছুদূৰ যোৱাৰ পিছতে গাড়ী ঘূৰাই ছালাকাটিত উপস্থিত হয়।

জিলা প্ৰশাসনে লাফিকুল ইছলাম আহমেদৰ মৃতদেহ নিশাৰ ভাগতেই ছালাকাটিস্থিত পৰিয়ালৰ লোকক চমজাই দিবলৈ বিচাৰে যদিও পৰিয়ালৰ লোকে মৃতদেহ চমজি নোলোৱাত ঘৰৰ কাষৰ নিকটতে গোটেই নিশা গাড়ীৰ ওপৰতে পৰি থাকে লাফিকুলৰ মৃতদেহ৷ এই ঘটনাত এবিএমছুৰ কৰ্মী-সদস্যই ক্ষুব্ধ হৈ আজি ছালাকাটিৰ ঈদগাহ ময়দানৰ নিকটৰ এমই মাদ্ৰাছা বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷

প্ৰায় ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী সভাত এবিএমছুৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰে আৰু দাবী পূৰণ নকৰিলে লাফিকুল ইছলাম আহমেদৰ মৃতদেহ চমজি নলয় বুলি স্পষ্ট কৰি দিয়ে ৷ দুৰ্বৃত্তৰ হাতত নিহত লাফিকুল ইছলাম আহমেদৰ পৰিয়ালৰ কমেও দুজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা, ছাত্ৰ নেতাজনৰ পৰিয়ালবৰ্গক অতি কমেও পঞ্চাশ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা আৰু ঘটনাটোৰ চিবিআই তদন্তৰ যোগেদি দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে৷

অন্যথা ছাত্ৰ নেতাজনৰ মৃতদেহ চমজি নলয় বুলি জিলা প্ৰশাসনক স্পষ্ট কৰি দিয়ে এবিএমছুই ৷ লক্ষণীয় যে কেইবাঘন্টাজোৰা প্ৰতিবাদী সভাৰ পিছত দুপৰীয়া প্ৰায় এক বজাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই প্ৰথমতে ছালাকাটিত থকা লাফিকুল ইছলাম আহমেদৰ বাসভৱনত উপস্থিত হৈ নিহত লাফিকুলৰ পৰিয়ালবৰ্গক সমবেদনা জনাই পোনে পোনে ছালাকাটিৰ ঈদগাহ ময়দানৰ নিকটত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত উপস্থিত হয়৷

প্ৰায় ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত উত্তেজিত লোকৰ সন্মুখত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত কৰা হ'ব আৰু এই সন্দৰ্ভত কাইলৈৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ সৈতে এবিএমছুৰ সদস্যক লৈ আলোচনা কৰা হ'ব৷ তদুপৰি পঞ্চাশ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ লোককো চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰাত পৰিস্থিতি কিছু শান্ত হয়৷

সভাত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি উল্লেখ কৰি বিশেষ তদন্তকাৰী গোট গঠন কৰি ক্ষfপ্ৰ তদন্তৰ ব্যৱস্থা লোৱা হৈছে বুলি সদৰী কৰে৷ তদুপৰি এবিএমছুৰ দাবী অনুসৰি ছাত্ৰ নেতাজনৰ মৃতদেহ ৰেলী কৰি ভোটগাওঁত থকা ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ লৈ যোৱাৰো অনুমতি প্ৰদান কৰাত প্ৰতিবাদী সভাৰ অন্ত পৰে৷

উল্লেখ্যে যে আজিৰ প্ৰতিবাদী সভাত এবছু, আছু, আমছু, অাদিৱাসী জাতীয় মহাসভা, গোৰ্খা, নাথ যোগী ছাত্ৰ সন্থা, আক্ৰাছু আদিকে ধৰি প্ৰায়ভাগ ছাত্ৰ আৰু অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে যোগদান কৰি লাফিকুলৰ হত্যাকাণ্ডৰ প্ৰতিবাদ জনায়। ইয়াৰোপৰি বিটিএডিৰ হত্যা-হিংসা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক সমালোচনা কৰে। আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকালাম খণ্ডকাৰ, সাংসদ নৱ কুমাৰ শৰণীয়া আদিকে ধৰি বহু বক্তাই প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰে।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাৰ বুজ ল'বলৈ কোকৰাঝাৰত উপস্থিত হয় গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য। কোকৰাঝাৰত উপস্থিত হৈয়ে পোনে পোনে ছালাকাটিস্থিত লাফিকুলৰ বাসগৃহলৈ যায় মন্ত্ৰীগৰাকী। লাফিকুলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি আৰ্থিক সহায়ৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শুক্লবৈদ্যই। হত্যাকাণ্ডৰ মূল নায়ক ধৰা নপৰা পৰ্যন্ত তদন্ত অব্যাহত ৰখাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। লাফিকুলৰ বাসগৃহত কিছুসময় থাকি মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ আৱৰ্ত ভৱনত জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

প্ৰতিবাদী সভাৰ অন্তত প্ৰায় শতাধিক গাড়ীৰে লাফিকুল ইছলামৰ মৃতদেহ ৰেলী কৰি ভোটগাঁৱলৈ লৈ যোৱা হয়৷ হাগ্ৰামা মহিলাৰীৰ অনুৰোধত জিলা প্ৰশাসনে মাথো দহখন গাড়ীৰে শোভাযাত্ৰা কৰি কেন্দ্ৰীয় কাৰ্যালয়লৈ নিয়াৰ অনুমতি প্ৰদান কৰে যদিও প্ৰায় দুই শতাধিক গাড়ীৰে লাফিকুলৰ মৃতদেহ লৈ শোভাযাত্ৰা কৰে। কেন্দ্ৰীয় কাৰ্যালয়ত আছু, এবছু, আছা, আক্ৰাছু , আমছুকে ধৰি বিভিন্ন দল-সংগঠনে লাফিকুলৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ অন্তত মৃতদেহ ছালাকাটিলৈ ঘূৰাই অনা হয় আৰু হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত ধৰ্মীয় নীতি-নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয়।