হাগ্ৰামা জাতিদ্ৰোহী--- পি জে এ চি বি এম

কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পিপুলচ জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিএজিচিবিএমে ।
আজি কোকৰাঝাৰ জিলা কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি পিএজিচিবিএমে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্ণাথলীত পিএজিচিবিএমৰ কেইবা শতাধিক সদস্যই হাতে হাতে জনজাতিকৰণ আৰু চৰকাৰ বিৰোধী ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে ।
ধৰ্ণাথলীত উপস্থিত থকা পিজেএচিবিএমৰ উপমুখ্য আহ্বায়ক গৰ্জন মুছাহাৰী আৰু জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয় যে প্ৰকৃত জনজাতিক বঞ্চনা কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ উদ্দেশ্য ৰাজনৈতিক অভিসন্ধিৰ বাহিৰে আন একোৱেই নহয় । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিল বাতিল কৰাৰ দাবী উত্থাপনেৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা দিলে ৰাজ্যত ভয়ংকৰ অনাকাংক্ষিত ঘটনা সংঘটিত হব আৰু ইয়াৰ বাবে চৰকাৰেই দায়ী হব বুলি মন্তৱ্য প্ৰদান কৰিছে পিএজিচিবিএমে। নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি একমাত্ৰ প্ৰকৃত জনজাতিক বঞ্চনা কৰাৰ উদ্দেশ্যৰে আৰু ৰাজনৈতিক স্বাৰ্থত জনজাতিকৰণৰ বিল অনা বুলি দাবী কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।
হাগ্ৰামা মহিলাৰী যদিও বড়ো আৰু তেখেতৰ দেহত দেহত বড়োৰ তেজ প্ৰৱাহিত হৈ আছে কিন্তু মহিলাৰীয়ে বড়োৰ বাবে একো কৰা নাই বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীক জাতিদ্ৰোহী আখ্যা দিছে পিজেএচিবিএমে। মহিলাৰীক বিটিএডিৰ সলনি দিল্লীত বসৱাস কৰাৰ উপদেশ দি ইয়াত তেওঁ বসৱাস কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে পিজিএচিএমে ।
উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত পিএজিচিবিএমে জিলা উপায়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।