
ঢেকীয়াজুলিঃ শ্বহীদ নগৰী ঢেকীয়াজুলিত স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ ভগৎ সিঙৰ ৮৭ সংখ্যক মত্যু তিথি শুকুৰবাৰে পালন কৰা হয়৷ শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত ঢেকীয়াজুলিৰ ত্ৰিমুৰ্তি প্ৰেক্ষাগৃহত পালন কৰে৷
পুৱা ৮ বজাত পতাকা উত্তোলন কৰে মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আলী হাইদৰ খানে৷ পুৱা ৮.৩০ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সৎৰাম হাজৰিকাই৷
দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভা উদ্ধোধন কৰি অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ বৰাই শ্বহীদ ভগৎ সিঙে সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে ভাৰতবৰ্ষক মুক্ত কৰিবলৈ আৰম্ভ কৰা স্বাধীনতা সংগ্ৰামৰ বিষয়ত আলোকপাত কৰে৷ মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভটাচাৰ্য্য, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷
সভাত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল, উৰিয়ানতুলি হাই স্কুলৰ প্ৰধাই শিক্ষক বিশ্বজিৎ পাল, ঢেকিয়াজুলি জুনিয়ৰ কলেজৰ অধ্যক্ষ গিয়াছুদ্দিন আহমেদ, যুৱ নেতা মৃন্ময় বৰা, আৰিফ হুছেইন আদি উপস্থিত থাকে৷