
ঢেকীয়াজুলিঃ ভয়াৱহ বানে ৰাজ্যৰ সৰ্বত্ৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে এমুঠি ভাত আৰু এটুপি খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰি থকাৰ সময়তে ঢেকীয়াজুলিত বানাক্ৰান্তলৈ অহা চাউল-দাইল দোকানত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে লাট মণ্ডলৰ বিৰুদ্ধে।
এই লজ্জাজনক ঘটনা সন্দৰ্ভত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ লাট মণ্ডল মুক্তাৰ হুছেইনৰ বিৰুদ্ধে ৰাজহ চক্ৰ বিষয়া সব্যসাচি কাশ্যপে আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতেই পলায়ন কৰে লাট মণ্ডলজনে।
উল্লেখ্য যে, লুইতৰ প্ৰলংকাৰী বানে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ বৰছলা বিধান সভা সমষ্টিৰ বছাশিমলু, চিতলমাৰী, ফটাশিমলু, আদি অঞ্চলত সহশ্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিনষ্ট হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি৷
বৰছলাৰ বছাশিমলুৰ বানপীড়িত এলেকাৰ বানক্ৰান্ত লোক সকলক চাউল-দাইল আদি বিতৰণ কৰিবলৈ গৈছিল ঢেকীয়াজুলি ৰাজহ চক্ৰ কাৰ্যলয়ৰ লাট মণ্ডল মুক্তাৰ হুছেইনে৷ কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ’ল দুৰ্ভগীয়া বানাক্ৰান্তই যি সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে তেনে সময়ত লাট মণ্ডল মুক্তাৰ হুছেইনে বান সাহাৰ্যৰ ৭৫কেজি চাউল, ৬০কেজি দাইল নিজৰ গাড়ীৰে জয়নগৰ নামৰ ঠাইলৈ আনি এখন গেলামালৰ দোকানত বিক্ৰী কৰে৷
এই সন্দৰ্ভত বৰছলাৰ বিধায়ক গণেশ লিম্বুয়ে নিজে পদক্ষেপ গ্ৰহণ কৰি বান সাহায্য হৰলুকী হোৱা বিষয়টো ধৰা পেলায় ৷ইপিনে মঙলবাৰে বিধায়ক গণেশ লিম্বু, ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া সব্যসাচি কাশ্যপ আৰু ঢেকীয়াজুলিৰ আৰক্ষী উপস্থিত হৈ লাট মণ্ডল মুক্তাৰ হুছেইনে বিক্ৰী কৰা চাউল, দাইল আদি উদ্ধাৰ কৰে ৷
ইয়াৰ পিছতেই ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াই ঢেকীয়াজুলি আৰক্ষী থানাত মণ্ডলগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ বানত সৰ্বস্ব হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা লোকৰ অন্ন কাঢ়ি খোৱা লাট মণ্ডলৰ অতি নীচ কাণ্ডই সকলোকে মৰ্মাহত কৰি তুলিছে৷