ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰাস্থিত শোণিতপুৰ পলিটেকনিক 
আছু, আমছু, বজৰং দল, বঙালী ফেডাৰেশ্যন, ভোজপুৰী পৰিষদ, আটছা-আছাকে ধৰি ৮টা জাতীয় সংগঠনে হাতে- হাতে বেনাৰ পোষ্টাৰ প্লেকাৰ্ড আদি লৈ ঠেলামৰাস্থিত পলিটেকনিক প্ৰতিষ্ঠানত অধ্যক্ষ, উপাধ্যক্ষ মুৰ্দাবাদ, চতুৰ্থ বৰ্গৰ অবৈধ নিযুক্তি বাতিল কৰক, কাৰিকৰী শিক্ষা সঞ্চালকালয় হায় হায়, শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায়- হায়, মধ্য ভোগী দালালৰ দপদপনি বন্ধ কৰক, বিধায়ক অশোক সিংঘাল হুছিয়াৰ, ছাত্ৰ ঐক্য জিন্দাবাদ আদি শ্লোগানেৰে শোণিতপুৰ পলিটেকনিক প্ৰতিষ্ঠানখনৰ পৰিৱেশ উত্তাল কৰি তোলে৷

ছাত্ৰ সংগঠন কেইটাৰ অভিযোগ যে পলিটেকনিক প্ৰতিষ্ঠানখনত চতুৰ্থ বৰ্গৰ ঠিকা ভিত্তিক পদত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ চতুৰ্থ বৰ্গৰ ঠিকা ভিত্তিত ২৪ টা পদত অধ্যক্ষ, উপাধ্যক্ষ আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল আৰু মধ্যভোগী দালাল কেইজনমানে ধনৰ বিনিময়ত কোনো ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত বিজ্ঞাপন নিদিয়াকৈ সাক্ষাৎকাৰ কিম্বা লিখিত পৰীক্ষা অনুষ্ঠিত নকৰাকৈ তথাকথিত শিলচৰৰ এইছ আৰ ডি কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্টিয়েল ছিকিউৰিটি ফৰ্চ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে অবৈধ ভাৱে নিযুক্তি দিয়াৰ গুৰুতৰ অভাযোগ তুলিছে সংগঠন কেইটাই৷

কেৱল ইমানেই নহয় ডি ভোটাৰকো ধনৰ বিনিময়ত মধ্য ভোগী দালালৰ সহযোগত ইয়াত নিযুক্তি দিছে৷ এইয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি সংগঠনকেইটাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ ইফালে চতুৰ্থ বৰ্গৰ ২৪টা পদত নিযুক্তি দিয়াটো সম্পূৰ্ণ ৰূপে অবৈধ বুলি সংগঠনকেইটাই প্ৰকাশ কৰি শীঘ্ৰেই নিযুক্তি বাতিল কৰিবলৈ দাবী জনায়৷

এই সন্দৰ্ভত আছু,আমছু বজৰংদল, বঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বন,আগছু,আটছা, আছা, ভোজপুৰী পৰিষদ আদিকে ধৰি ৮সংগঠনে যুটীয়া ভাৱে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদস্থলীত উপস্থিত হোৱা ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়লৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে পলিটেকনিকখনৰ অধ্যক্ষ, উপাধ্যক্ষক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ আৰু বদলিকৰণ, চতুৰ্থ বৰ্গৰ অবৈধ নিযুক্তি পোৱা চতুৰ্থ বৰ্গৰ ২৪টা পদৰ নিযুক্তি বাতিল কৰা আৰু এইছ আৰ ডি কমাৰ্চিয়েল এণ্ড ছিকিউৰিটি ফৰ্চ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ নিবিদাও বাতিল কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে৷

অন্যথা  পুনৰ শীঘ্ৰেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিছে সংগঠনকেইটাই৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত আছুৰ ঢেকীয়াজুলি আঞ্চলিকৰ সভাপতি শংকৰ দাস, আমছুৰ শোণিতপুৰ জিলাৰ সম্পাদক ৰহমত আনছাৰি, আটছাৰ লক্ষেশ্বৰ মিৰ্ধা, আছাৰ নাৰায়ন সিং গড়, বজৰং দলৰ গৌতম কৰ, ভোজপুৰী পৰিষদৰ ৰাজকুমাৰ ঠাকুৰে অংশগ্ৰহণ কৰি অবৈধ নিযুক্তি প্ৰক্ৰিয়াকলৈ সোচ্ছাৰ হৈ পৰে৷ নিযুক্তিত অনিয়ম সংঘটিত কৰা এইচ আৰ ডি কোম্পানীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷