ঢেকীয়াজুলীঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মুছলমান আৰু সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি অহা প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰক ৰাজনৈতিক ক্ষেত্ৰৰপৰা ছবছৰৰ বাবে বিদায় দি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা আৰু বৰ্তমানৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিয়ে পক্ষপাট কৰিছে বুলি মুছলিম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ছামচুল হকে দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে অভিযোগ কৰিছে।

ছাত্ৰনেতাজনে কয় যে ৰিপুন বৰাৰ কংগ্ৰেছ দলৰ ভিতৰ চ'ৰাৰ বিষয়ে তেওঁৰ বা সংগঠনৰ একো ক’ব লগা নাই৷ কিন্তু নুৰজামাল সৰকাৰ লঘু দোষতে গুৰু শাস্তি দি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সংখ্যালঘুসকলৰ সমৰ্থন হেৰুৱাব বুলি তেওঁ সকীয়াই দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই বিগত বিধান সভা নিৰ্বাচনতো নুৰজামাল সৰকাৰক পৰাজয় কৰিবলৈ উঠি পৰি লগি ইয়াত সফল হৈছিল ছাত্ৰনেতাজনে অভিযোগ কৰে। 

তেওঁ লগতে অভিযোগ কৰে যে বি জে পি আৰু এ আই ইউ ডি এফতকৈ অধিক বিভাজনৰ খেল খেলিছে ৰিপুন বৰাই। শিলাদিত্য দেৱ আৰু ৰিপুন বৰা, ৰাজেন গোহাঁই আৰু জয়ন্ত মল্লৰদৰে নেতাসকলেই অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধত বিভাজন আনিছে আৰু এইসকল নেতাক বৃহত্তৰ অসমীয়া ৰাইজে চিৰদিনৰ বাবে ৰাজনৈতিকভাৱে বিদায় দিয়া উচিত বুলি কয় সংগঠনটোৰ সাধাৰণ সম্পাদকজনে৷