
চিচিবৰগাঁওঃ বানে ধোৱা ধেমাজি জিলাৰ বাবে আন এটা ভাল খবৰ৷ প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে যদিও এইবাৰ গৌৰৱ কঢ়িয়াই আনিছে শিক্ষকে৷ ধেমাজি জিলাৰ তিনি অধ্যাপকে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি প্ৰস্তুত কৰি গৌৰৱ কঢ়িয়াই আনিছে জিলাখনলৈ ৷
মানুহ বা অন্য জীৱৰ শ্বসন আৰু শক্তি আহৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু খাদ্যৰ সিংহভাগেই উদ্ভিদে প্ৰদান কৰে। এই বিষয়ত উদ্ভিদ বিজ্ঞানৰ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাসিক (সাধাৰণ) পাঠ্যক্ৰমৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰিলে ধেমাজি জিলাৰ তিনি অধ্যাপকে৷
ধেমাজি সদৰৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মূৰব্বী অ্যাপক ড০ অন্নজ্যোতি গগৈ আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মূৰব্বী ড০ পল্লৱী দত্ত আৰু সহকাৰী অধ্যাপক ড০ জিতু গগৈয়ে প্ৰস্তুত কৰি উলিয়ালে উদ্ভিদ বিজ্ঞানৰ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি।
ধেমাজিৰ কিৰণ প্ৰকাশন আৰু গুৱাহাটী পাণবজাৰৰ বিদ্যামহলৰ দ্বাৰা প্ৰকাশিত আধুনিক উদ্ভিদবিদ্যা, বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্য বহু ক্ষেত্ৰক সাঙুৰি লোৱা এটা বহুধাবিভক্ত বিষয় ‘সপুষ্পক উদ্ভিদৰ বিভিন্নতা আৰু সিহঁতৰ প্ৰণালীবদ্ধতা’ নামৰ পুথিখনে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি ড০ জিতু গগৈয়ে জানিবলৈ দিয়ে।
জিলাখনৰ সচেতন মহলে আনন্দ প্ৰকাশ কৰি এয়া জিলাখনৰ বাবে ভাল খবৰ বুলি কয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ পাঠ্যপুথি প্ৰস্তুত কৰাত অধ্যাপককেইগৰাকীক ধন্যাবাদ জনায়৷