newsnextone.com | ধেমাজিঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক শংকিট নহবলৈ কৈ আহিলেও অসমৰ আশ্বস্ত হ’ব পৰা নাই অসমৰ ৰাইজ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিয়ে অসম বিৰোধী কোনো কাম নকৰে বুলি কলেও ৰাইজ আজিও বাংলাদেশী সংস্থাপনক লৈ শংকাৰ মাজত দিন পাৰ কৰিছে৷ যাৰ ফলত আজিও ৰাজ্যত প্ৰতিদিনে প্ৰতিবাদ অব্যাহত আছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত আজিও প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিদনে ৰাজপথ কঁপিব ধৰিছে৷ অসমক ভাল পোৱা অসমীয়াই প্ৰতিদিনে অসমক সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ পথলৈ ওলাই কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক বাৰে বাৰে সকীয়াই আহিছে অসম ধ্বংসকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাই আহিছে৷ 

শুকুৰবাৰেও ধেমাজি জিলাৰ চিলাপথাৰত হাজাৰ হাজাৰ লোক সমবেত হৈ কেন্দ্ৰীয় চৰকাৰক পুনৰ সকীয়াই দিলে কেইবাটাও সংগঠনে৷ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, আলফা নেতা আলফা নেতা জিতেন দত্ত, কৃষক নেতা অখিল গগৈ সহ কেইবাটাও দল-সংগনৰ নেতা উপস্থিত থাকে৷ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা লোকে গণ সমাবেশত চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ 

আহ ঐ আহ ওলাই আহ, অসমীয়া আজি জাগিছে, মুখ্যমন্ত্ৰী হুচিয়াৰ, অসম চৰকাৰ বায় হায়, মোডী চৰকাৰ হায় হায় আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ শুকুৰবাৰে পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা লোকসকলে কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে৷ 

টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, সোণোৱাল ৰছাৰী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কুমাৰ লযুৱ ছাত্ৰ পৰিষদ, চিলাপথাৰ প্ৰেছ ক্লাৱ, খনামুখ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত গণ সমাবেশত অসমৰ আন আন জাতীয় সংগঠনৰ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।