প্ৰাঞ্জল বৰা, ধিংঃ কৃষ্ণ। কৃষ্ণ যে আৰু এই পৃথিৱীত নাই! কৃষ্ণৰ মৃত্যুৰ পাছতেই কাল অমানিশা নামি আহিল বটদ্ৰৱাৰ এটি দৰিদ্ৰ পৰিয়াললৈ।

বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এটা পথ দুর্ঘটনা। দুৰ্ঘটনাত আহত হৈ মৃত্যুক সাৱটি ল’লে বটদ্ৰৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৃষ্ণমনি কলিতাই। শুকুৰবাৰে কৃষ্ণমনিৰ নিঠৰ দেহ বটদ্ৰৱাৰ সৰুহিছাৰ নিজ বাসগৃহলৈ অনাৰ পাছতেই এক শোকাকুল পৰিৱেশৰ সূচনা হয়।

কান্দোনত ভাগি পৰিছে তিনিটি নিষ্পাপ শিশুৰ লগতে দুৰ্ভগীয়া মাতৃ। কিমান যে নিষ্ঠুৰ হ’ব পাৰে নিয়তি। বিধাতাৰো পুতৌ নজন্মিল এই তিনি সন্তানৰ ওপৰত। পৃথিৱীখন ভালকৈ দেখা আৰু বুজাৰ আগতেই পিতৃহীনা হোৱা এই তিনি সন্তানৰ কি দোষ আছিল? 

নিষ্ঠুৰ নিয়তিয়ে এই শিশুকেইটাই সপোন দেখাৰ সময়তেই সিহঁতৰ সপোন ভাঙি চূৰমাৰ কৰি পেলালে। বৃহস্পতিবাৰে নিশা ভোমোৰাগুৰিৰপৰা বটদ্রৱাৰ নিজা গৃহলৈ আহি থকা অৱস্থাত AS02U0790 নম্বৰৰ এখন মটৰচাইকেলে পাছফালৰপৰা খুন্দিয়ায় কৃষ্ণমনিক। দুৰ্ঘটনাত কৃষ্ণমনি কলিতাৰ ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পয়। 

আঘাতপ্রাপ্ত কৃষ্ণমনিক স্থানীয় ৰাইজে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছিল যদিও তাতেই তেওঁ মৃত্যুক সাৱটি লয়। এমা ডিমা তিনি সন্তান আৰু পত্নীক এৰি চিৰদিনৰ বাবে বিদায় ল’লে বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ কৃষ্ণমনিয়ে। 

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জক্ষম কৃষ্ণমনিৰ মৃত্যুত সমগ্র অঞ্চলত শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজৰ অনুৰোধ, নিঠৰুৱা হোৱা পৰিয়ালটোৰ তিনি সন্তানৰ ভৱিষ্যত উদ্ধাৰ কৰিবলৈ উলাই আহক সহৃদয়ৱান লোক।

চৰকাৰ তথা দল-সংগঠনৰ লগতে কোনো সহৃদয়ৱান ব্যক্তিয়ে এই তিনি সন্তানৰ জীৱন গঢ় দিবলৈ সহায়ৰ হাত যেন আগবঢ়ায় সেয়া আশা কৰিছে সকলোৱে।