
ধিংঃ জাপানীজ এনকেফেলাইটিজ আতংকৰ পাছত পেলুৰ আতংকই বিৰাজ কৰিছে ৰাজ্যত৷ হোজাই জিলাৰ লংকাত বৃহস্পতিবাৰে পেলুৰ দৰৱ খাই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ পাছত আজি নগাঁও জিলাতো অনুৰূপ ঘটনা সংঘটিত হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল্যৰ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰা পেলুৰ দৰৱ খাই বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ কমল সূতি মোক্তাৱৰ প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে৷
ৱাকিবুৰ ৰহমান, হুছেইন আলী, ইয়াচিন আলী, ছৰিফা খাতুন, মাজাহাৰুল ইছলাম, আজিজুল হক আৰু ইলিয়াছ আলীৰ লগতে বিদ্যালয়ৰ ৰান্ধনী ৰাণুমা বেগম, ফজিলা খাতুন আৰু কুলছুম বেগম গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ধিং এফ আৰ ইউত ভৰ্তি কৰাবলগীয়া হয়৷
বিদ্যালয় খনৰ প্ৰধান শিক্ষক এমদাদুল হকে ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰা পেলুৰ দৰৱ সন্দৰ্ভত দুদিন পূৰ্বে ধিং এফ আৰ ইউত একাংশ শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ দিয়া বুলি কয়। প্ৰশিক্ষণ অনুসৰি ধিং এফ আৰ ইউৰ পৰা পেলুৰ দৰৱ আনি কালি আৰু আজিও খুৱাইছিল।
এই দৰৱ ৰান্ধনী আৰু শিক্ষকে প্ৰথমে খাই ছাত্ৰ-ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰে। কিন্তু কিছু সময়ৰ পিছতে ৰান্ধনীগৰাকীৰ লগতে এজন এজন কৈ প্ৰায় ৫০-৬০ ছাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে বমি কৰাৰ লগত পেটৰ বিষ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ পৰাত হুৱা-দুৱা লাগে। আনকি একাংশ অভিভাৱকে প্ৰধান শিক্ষক এমদাদুল হকলৈ চোচা লয়।
পিছত অসুস্থ আটাইকে কান্ধুলীমাৰী নৈ পৰীয়া চিকিৎসালয়লৈ নিয়া হয় যদিও প্ৰয়োজনীয় চিকিৎসাৰ অভাৱৰ লগতে বহুতৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ধিং এফ আৰু ইউলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, এই পেলুৰ দৰৱ চিকিৎসকে সাধাৰণতে ঠাণ্ডা বতৰ আৰু ৰাতিহে খাবলৈ কয়।
কিন্তু আজি বৰষুণ দি থকাৰ মাজতে এই বিদ্যালয়খনত পেলুৰ দৰৱ খাই কিয় অসুস্থ হৈ পৰিল সেই সম্পৰ্কে এতিয়াও নিশ্চিত হ’ব পৰা নাই ধিঙৰ চিকিৎসকসকল। কিন্তু সেয়া যিয়ে নহওক কিয়, এই বিদ্যালয়খনৰ আজিৰ ঘটনাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ পুনৰ উদঙাই দিলে বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে৷ একাংশ লোকে আকৌ পেলুৰ দৰৱ খাই মৰাতকৈ পেটত পেলু লৈ থকাই ভাল বুলিও চৰকাৰক কটাক্ষ কৰে৷