গুৱাহাটীঃ অযথা বিতৰ্কৰ সৃষ্টি কৰি একপ্ৰকাৰ চৰকাৰৰ বৰঘৰৰ পৰা খেদা খালে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ মুখপাত্ৰ ৰাইজৰ বাতৰিৰ উপদেষ্টাক বিদায় দিয়াৰ সংকেত দিয়ে৷ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ উপদেষ্টা এগৰাকীয়ে মানুহক অশ্লীল গালি-গালাজ কৰিলে চৰকাৰৰ ছবি খন ৰাইজৰ ওচৰলৈ ভুলকৈ যোৱাৰ উমান লাভ কৰিয়েই চৰকাৰে মুখপাত্ৰৰ উপদেষ্টা পদৰ পৰা বিদায় দিবলৈ বাধ্য হয় চক্ৰবৰ্তীক৷

এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে সাংবাদিক মেল অনুষ্ঠিত কৰি ৰাজহুৱা জীৱন ত্যাগ কৰাৰ কথা ঘোষণা কৰে৷ মাথো দুটা অনুষ্ঠানৰ বাহিৰে ৰাজহুৱা জীৱনৰ ত্যাগ কৰা বুলি কৈ মোক আজিৰ পৰা মৰি যোৱা বুলি ভাবা বুলি কয়৷ দুদিন পূৰ্বে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইক ডিগ্ৰীক লৈ উপলুঙা কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে হীৰেন গোহাঁইক ৯৯ শতাংশ বুদ্ধিজীৱী বুলি আখ্যা দিয়ে৷ আনহাতে অসমৰ কাকতত লিখা মেলা কৰা বুলি ইতিকিং কৰা চক্ৰবৰ্তীয়ে হীৰেন গোহাঁইৰ লেখা-মেলা উন্নত বুলি স্বীকাৰ কৰি আমেৰিকা ইংলেণ্ডৰ দৰে দেশৰ কাকতত হে প্ৰকাশ পাব লাগে বুলি কয়৷

সাহিত্য সভা আৰু জ্যেষ্ঠ নাগৰিক সমিতিৰ বাহিৰে আন কোনো অনুষ্ঠানৰ সৈতে জড়িত নথকাৰ কথা ঘোষণা কৰে৷ এচিত সোমোৱা অসমৰ প্ৰথম জন সাংবাদিক বুলি কৈ ৰাজ্যৰে নহয় পৃথিৱীৰ বয়সীয়াল কাকতৰ সম্পাদক বুলি কয় তেও৷ ড০ হীৰেন গোহাঁই বৰ্তমান জীয়াই থকা কোনো অসমীয়াৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি কৈ আনন্দৰাম বৰুৱাৰ সৈতে তুলনা কৰিব পাৰি বুলি কয়৷

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক চৰকাৰৰ বৰঘৰৰ পৰা বিদায় অনিবাৰ্য হৈ পৰিল৷ সংবাদ মেলত ক্ষোভিত হৈ সাংবাদিকৰ সৈতে কথা পাতি কিছু সময়ৰ বাবে আবেগিকো হৈ পৰিছিল৷ এটা সময়ত সাংবাদিকক ওলোটাই আপুনি পাকিস্তানি নেকি, পাঞ্জাৱী নেকি বুলিও কথা প্ৰসংগত প্ৰশ্ন কৰে৷ বিতৰ্ক আৰু ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী যেন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কব পাৰি৷ বৰাক উপত্যকা, ধুবৰী মৰিগাঁও আদি জিলা অসমৰ পৰা বাদ দিবলৈ দি বিতৰ্কৰ সৃষ্টি কৰিছিল বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷

সেয়া যেন আৰম্ভনি হে৷ তেতিয়াৰ পৰাই বিতৰ্কই লগ এৰা নাই বুদ্ধিজীৱী, জ্যেষ্ঠ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ সময়ে সময়ে আলফাক সমালোচনা গালি পাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল যদিও এইবাৰ ৰাজ্য চৰকাৰৰ বিৰোধি কাকো নেৰে চক্ৰৱৰ্তীয়ে৷ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷ ইমানে নহয় ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায়৷

বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা কৰে সমাজ সচেতক কমল কুমাৰ মেধিয়ে৷ যাৰ ফলত বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ সততে বিতৰ্কৰ সৃষ্টি কৰি ভালপোৱা তথা গেৰুৱা বুদ্ধিজীৱী নাম পোৱা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ কেইঘন্টামান পিছত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কমল কুমাৰ মেধিক ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰে৷

এই ঘটনাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ এগৰাকী জ্যেষ্ঠ নাগৰিকে পুত্ৰ সম যুৱকক এনে দৰে ব্যৱহাৰ কৰা কাৰ্যক সচেতন মহলে সহজে লব পৰা নাই৷ কমল কুমাৰ মেধিক ফোনযোগে জাত কি বুলিও প্ৰশ্ন কৰাৰ লগতে নীচ জাতিৰ ভেজাল কলিতা বুলি প্ৰকাশ কৰাৰ ঘটনাক কলিতা জনগোষ্ঠীৰ লোক নাৰাজ হৈ পৰিছে৷ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মন্তব্যক ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কলিতা জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক ক্ষমা বিছৰাৰ দাবী জনায়৷

কলিতা জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁও জিলাৰ উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ আহ্বান জনায়৷ দেওবাৰে নিশা ৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় "মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ"৷ কমল কুমাৰ মেধিক অভব্য-অশ্ৰাব্য গালি-গালাজ কৰা বুলিও অভিযোগ উত্থাপন হয়৷

ৰাজ্যৰ কেইবাগাৰকী বুদ্ধিজীৱীয়ে দিল্লীৰ Constitution Clubৰ বিতৰ্কিত এনআৰচি সন্দৰ্ভত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি আৰক্ষীৰ সোধ-পোছৰ সন্মুখীন হোৱাৰ সময়তে যোৱা শুকুৰবাৰে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বহু বিতৰ্কিত তথা সততে চৰকাৰৰ সপক্ষে থকা বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য কৰে৷ বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷

শুকুৰবাৰে আৰআৰএছৰ নেতাৰ এখন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মহানগৰীৰ দিছপুৰত গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঞ্চত বহি থকাৰ সময়তে বুদ্ধিজীৱীগৰাকীয়ে এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য আগবঢ়াই গৈছিল৷ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ ডিগ্ৰীক উপলুঙা কৰি দীঘলীপুখুৰী পাৰৰ ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷

কেৱল ইমানে নহয় সততে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ সপক্ষে মাত মাতি অহা বুদ্ধিজীৱীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে অসম-নাগালেণ্ড সীমান্ত সমস্যাৰ কথা উল্লেখ কৰি এজন ভাল বিষয়াই এদিনতে তেনে সমস্যা নোহোৱা কৰিব পাৰে বুলি কয়৷ তাৰ ববে বন্দুক উঠাই ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ মাৰি পেলোৱাৰ পিছত আয়োগ বহে, তদন্ত যি হয় হৈ থাকক বুলি কয়৷ চৰকাৰৰ পক্ষৰ বুদ্ধিজীৱীৰ এনে অযুক্তিকৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ছচিয়েল মিডিয়াত সক্ৰিয় একাংশ লোকে জাঙুৰ খাই উঠে৷ তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷