newsnextone.com | ওদালগুৰিঃ একাগ্ৰতা থাকিলে মানুহে সফলতা লাভ কৰিবই৷ ইয়াকে প্ৰতিপন্ন কৰে ওদালগুৰি জিলাৰ ধৃতিস্মান ভূঞাই। শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰচুৰ সাধনাৰ ফলত ওদালগুৰি জিলাৰ ৰামস্বৰূপ মেম’ৰিয়েল ইংলিছ স্কুলৰ ছাত্ৰ ধৃতিস্মান ভূঞাই ষষ্ঠ স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ওদালগুৰি জিলাৰ ধৃতিস্মানে মেট্ৰিকত এই ফলাফল লাভ কৰাৰ খবৰে ব্যাপক উৎসাহিত কৰে জিলাবাসীক৷ ধৃতিস্মানে প্ৰকাশ কৰা মতে তেওঁ নিতৌ ৬-৭ ঘণ্টা অধ্যয়ন কৰিছিল বুলি প্ৰকাশ কৰে৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যৰ কেইবাখনো সমস্যা বহুল জিলাই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে৷ 

এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী৷ ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷ সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷ 

আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷

মুঠ ৬৬৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহা নাছিল৷ ২৩ গৰাকীৰ ফলাফল এতিয়ালৈ ঘোষণা কৰিব পৰা নাই আৰু ৪১২ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰ পৰা বহিস্কাৰ কৰা হয়৷ মুঠৰ ওপৰত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত৷ গ্ৰাম্য আৰু চহৰ এলেকাৰ ছাত্ৰ-ছাত্ৰী সমানে জিলিকি উঠিছে৷ দিনৰ ১১ বজাত ঘোষিত ফলাফলত ভাগ্য নিৰ্ণয় হয় ৰাজ্যৰ ৩ লাখ ৩৭ হেজাৰ ৫৭০ গৰাকী পৰীক্ষাৰ্থীৰ। ৫৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ ৰাজ্য খনৰ শৈক্ষিক পৰিৱেশ যে ক্ৰমান্বয়ে উন্নন্ত হৈছে তাৰেই উমান পোৱা গৈছে৷ 

ৰাজ্যৰ কেইবাখনো জিলাক জিলিকাই তুলিছে কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু বিভিন্ন সমস্যাৰ মাজতে সংগ্ৰামেৰে জিলিকি উঠিছে গাঁও আৰু চহৰৰ ছাত্ৰ-ছাত্ৰী৷ ৰাজ্যৰ প্ৰায় ৮৫০টা শিক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। চি চি টিভিৰ সহায়ত নিৰীক্ষণ কৰা হৈছিল পৰীক্ষাকেন্দ্ৰ সমূহ। বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩.৯১ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ৪৭.৯৪ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।