লিডুঃ ক্ৰমশ যেন অশান্ত হৈ পৰিছে অসম৷ হিন্দু, বাংলাদেশীক নাগৰিকত্ব দিয়াক লৈ বিজেপিৰ বিধায়ক শিলাদিত্যৰ লগতে একাংশই মৈত্য সন্মিলন অনুষ্ঠিত কৰাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে যোৱা নিশা তিনিচুকীয়া জিলাৰ ঢলাৰ খেৰবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলিয়াচালনাৰ ঘটনা। সন্দেহযুক্ত উগ্ৰপন্থীৰ কেডাৰে গুলীয়াই হত্যা কৰে ৫ জনকৈ বাংলা ভাষী সাম্প্ৰদায়ৰ ব্যক্তিক। নিহত বেংগলী সাম্প্ৰদায়ৰ লোক কেইজনৰ নাম শ্যামলাল বিশ্বাস, সুবল বিশ্বাস, অনন্ত বিশ্বাস, অবিনাস বিশ্বাস আৰু ধনঞ্জয় নমমুদ্ৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাতেই গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বৰ্তমানলৈকে কোনে উগ্ৰবাদী সংগঠনে এই ঘটনাক লৈ স্বীকাৰোক্তি প্ৰকাশ কৰা নাই যদিও আৰক্ষীয়ে আলফা (স্বা) জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে আলফা স্বাধীনে এই সমষ্ট ঘটনাৰ লগত আলফা জড়িত নহয় বুলি স্পষ্ট ৰূপত কয়৷ উল্লেখ্যযোগ্য যে যোৱা বৃহস্পতি বাৰে সন্ধিয়া ঢলাৰ খেৰবাৰী অঞ্চলৰ এখন লাইন হোটেলত কেইজনমান যুৱকে লুডু খেলি থাকোতে সামৰিক পোচাকত এটা দল আহি লোক কেইজনক মাটি ওচৰৰে এখন নৈ কাষলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। সেই অঞ্চলৰ প্ৰায় ছশ মিটাৰৰ আঁতৰতে অৱস্থিত এখন আৰক্ষী চকী। তৎসত্বেও কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হ’ল তাক লৈ এতিয়া সৰ্বতে চর্চা চলিছে।

এই হত্যাকাণ্ডক লৈ এতিয়া তিনিচুকীয়া জিলাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ বিভিন্ন জাতীয় সংগঠনৰ লগতে সচেতন নাগৰিকে এই সমষ্ট ঘটনাক তীব্র নিন্দা কৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষীলৈ জাৰি কৰিছে কঠোৰ নিৰ্দেশ৷ ইতিমধ্যে অসম আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী বিষয়া সকল আহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰা বুলি জানিব পৰা গৈছে৷ বিজেপিৰ একাংশ বঙালী নেতাৰ প্ৰৰোচনামূলক আৰু উচটনিমূলক বক্তব্যৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱা বুলিও বৰ্তমান চৰ্চা অব্যাহত আছে। ইফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বঙালি যুৱ ছাত্ৰ ফেডাৰেচনে ১২ ঘন্টীয়া তিনিচুকীয়া বন্ধৰ ঘোষনা কৰাৰ পাছত আজি সমগ্ৰ তিনিচুকীয়াতে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হয় ৷ জিলাখনৰ সকলো অনুষ্ঠান, প্ৰতিষ্ঠান, দোকান- প্ৰহাৰ, স্কুল-কলেজ তথা যান-বাহন বন্ধৰ সময় ছোৱাত স্তব্ধ হৈ পৰে৷