
গুৱাহাটীঃ বৃহস্পতিবাৰে শদিয়াৰ ধলাত সংঘটিত বৰ্বৰ হত্যাকাণ্ডৰ তদন্তভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ক প্ৰদান কৰা হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখন উত্তপ্ত হৈ থকাৰ মাজতে একাংশ ৰাজনৈতিক নেতাই প্ৰৰোচনামূলক মন্তব্য কৰাত অৱশেষত ৰত্তাক্ত হৈ পৰিল অসম৷
সেই নিশা সেনাৰ পোচাকত অহা এটা দুৰ্বৃত্তৰ দলে ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান যুৱকক ধলা-শদিয়া দলঙৰ ওচৰলৈ মাতি লৈ যায় আৰু তেওঁলোকক শাৰী পতাই গুলীচালনা কৰে৷ এই ঘটনাত পাঁচজন যুৱক থিতাতে নিহত হয়৷
কেন্দ্ৰীয় চৰকাৰে আজি এই ঘটনাৰ তদন্তভাৰ ‘নিয়া’ক দিয়াৰ পাছতে সংস্থাটোৰ তদন্তকাৰী বিষয়া বিবেকানন্দ দাস ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
ইফালে, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত জিলাখনৰ বছাগাঁৱৰ দিলকা ওৰফে জিন্তু গগৈ নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শদিয়াৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ লোকজনৰ আলফা (স্বাধীন)ৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
উত্তেজনাময় পৰিস্থিতিৰ মাজতে কালি শিৱসাগৰৰ গৌৰীসাগৰৰপৰা গ্ৰেপ্তাৰ কৰা আলোচনাপন্থী আলফা নেতা জীতেন দত্তকো গুৱাহাটীৰ এখন আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷