
ধুবুৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত পত্তাল ধুবুৰীৰ গৌৰীপুৰ৷ ৩১ নং ঘাই পথ মেৰামতিৰ দাবীত আছুৱে দেওবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে ৰাজ পথ৷
ৰাইজ তথা দল-সংগঠনে ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে আছুৱে৷ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ গৌৰীপুৰৰ পৰা বহলপুৰ অংশটো জহি-খহি যোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ যাৰ ফলত গাড়ী-মটৰটো দূৰৰ কথা খোজ কাঢ়িব পৰা পৰিবেশ নোহোৱা হৈছে পথটোত৷
ক্ষোভিত ধুবুৰী জিলা আছুৱে গৌৰীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাজ্য-কেন্দ্ৰ চৰকাৰক সম্পুৰ্ণ ব্যৰ্থ বুলি কয়৷ গৌৰীপুৰৰ কালিবাৰীত সংগঠনটোৱে পথ অৱৰোধ কৰি বিজেপি চৰকাৰ, গড়কাপ্তানি বিভাগ, বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে ৷
পথ অৱৰোধৰ ফলত ব্যাপক যান জঁটৰ সৃষ্টি হয়৷ চৰকাৰক ঘাইপথ মেৰামতিৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধি দিছে সংগঠনটোৱে৷ অন্যথায় ভয়াবহ আন্দোলনৰ কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷ পুৱা ১১ বজাৰ পৰা ১২ বজালৈ এঘন্টীয়া পথ অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰে আছুৱে৷