ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো শনিবাৰে দুৰ্গা দেৱীক বিদায় দিয়ে ভক্তসকলে৷ ধুবুৰী-গৌৰীপুৰতো দশমীৰ দিনটোত উলাহ-মালহেৰে দেৱী দুৰ্গাৰ ভক্তসকল ওলাই আহে৷ বৰষুনৰ মাজতেই দশমীৰ আনন্দ উল্লাস কৰি দেৱীক নৈৰ ঘাটলৈ আনি অশ্ৰুশিক্ত নয়নে বিসৰ্জন দিয়ে৷ প্ৰতিগৰাকী দেৱী ভক্তৰ অন্তৰত শনিবাৰে বাজিল বিৰহ-বেদনাৰ গান৷

চৌদিশে তাল-খোল, শংখ বজাই দেৱী দুৰ্গাক বিদায় দিয়ে লাখ লাখ ভক্তই৷ অশ্ৰুশিক্ত নয়নে দেৱীৰ প্ৰতিমা বিসৰ্দন দিলে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ভক্তসকলে৷ ৰাধুবুৰীত বৰষুণ দিয়াৰ ফলত পূজাৰ আনন্দ কিছু ম্লান পৰে যদিও বিজয়া দশমীৰ বাবে ওলাই আহে দেৱী ভক্ত৷ বিগত বছৰবোৰৰ দৰে এইবাৰো ধুবুৰীত নদীৰ ঘাট সমূহত ভিৰ কৰিছে অগনন ভক্তই। দশমীৰ দিনা ধুবুৰী-গৌৰীপুৰত আৱেগিক পৰিবেশত দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয়।