ধুবুৰীঃ মুখ্যমন্ত্ৰীৰ জ্ঞ্যান জ্যোতি আঁচনিৰ অধীনত শিক্ষা মূলক ভ্ৰমণৰ উদ্দেশ্যে ধুবুৰী জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ ৭৫গৰাকী ছাত্ৰ-ছাত্ৰী মঙলবাৰে গুৱাহাটী অভিমুখে ৰাওনা হয়। ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা দুখন বাছত উঠি ৰাওনা হোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোক জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে পতাকা জোকাৰি আনুষ্ঠানিক ভাৱে যাত্ৰাৰ শুভাৰম্ভ কৰে।

দলটোৰ সৈতে এজন কাৰ্যবাহী দণ্ডাধীশ সহ চিকিৎসক, নিৰাপত্তাৰক্ষীৰ দল, তিনি গৰাকী সহায়ক শিক্ষক আৰু খাদ্য পৰিদৰ্শকো আহিছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে চাৰিদিনীয়া ভ্ৰমণ সূচী লৈ যোৱা দলটোৱে গুৱাহাটীৰ বিভিন্ন উল্লেখযোগ্য স্থান পৰিদৰ্শন কৰাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমৱেত দহখন জিলাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতো অংশ গ্ৰহণ কৰিব৷

উপায়ুক্তগৰাকীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ-ছাত্রী সকলক নিয়মানুৱৰ্তিতা আৰু শৃংখলা বদ্ধতা মানি চলিবলৈ আৰু সকলো প্ৰতিযোগিতাতে উৎসাহেৰে যোগদান কৰিবলৈ আহ্বান জনায়৷ উদ্ধোধনী সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক সাজু কুমাৰ যাদৱ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে৷