12
Aug
2017

ধুবুৰীঃ নামনি অসমৰ বিভিন্ন ঠাইৰ লগতে বানৰ কবলত পৰিছে ধুবুৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল৷ জিলাখনৰ ভালেমান ঠাই জলমগ্ন হৈ পৰাত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷
বিলাসীপাৰাৰ ৩১নং ৰাষ্টীয় ঘাইপথত বানপানীৰ ফলত চপৰা চপৰে খহিছে ঘাইপথ৷ শ শ যানবাহন আবদ্ধ হৈ পৰাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।
বল্ডাৰেৰে ঘাই পথ ৰক্ষাৰ চেষ্টা কৰাৰ লগতে এছ ডি আৰ এফ বাহিনী সষ্টম হৈ থকা দেখা গৈছে৷ নয়াহাট আৰক্ষী চকীও বানৰ কবলত পৰে৷ বহুলোক ওখ স্থানলৈ ঢাপলি মেলিছে৷ ডি কে পথ সম্পূৰ্ণৰূপে ভাঙি যোৱাত নয়াহাট অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
ধুবুৰী জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত নালিয়া গাঁও পঞ্চায়তৰ গংগাধৰ নৈৰ বাঢ়নী পানীয়ে পশ্চিম গাইখোৱা-নালিয়া মথাউৰিটো ছিঙি নিয়াৰ উপক্ৰম হোৱাত আতংকিত হৈ পৰিছে ৰাইজ৷