ধুবুৰীঃ ধুবুৰী জিলাৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। গৌৰাং, চম্পাৱতী, টিপকাই আৰু গংগাধৰ আদি জিলাখনৰ উপনৈসমূহৰ পানী কমিবলৈ আৰম্ভ কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ পানী ধুবুৰীত বিপদ সীমাৰ এক মিটাৰ ওপৰেৰে বৈ আছে। ফলত আজি চহৰৰ ভিতৰত পানী সোমাই পৰিছে। 

জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণোদ্যমে  চলাই থকা বুলি উল্লেখ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত ধীৰজ চৌধুৰীয়ে আজি ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্টাৰেৰে জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰে। 

আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰি আহি উপায়ুক্তগৰাকীয়ে সাংবাদিকক জনায় যে জিলাখনৰ মুঠ ৫৩৭ খন গাঁও প্লাৱিত হোৱাত এতিয়ালৈকে লোক ৭.৬৯ লাখ ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত পশুধনৰ সংখ্যা হৈছে আনুমানিক ২.৭৭ লাখ।

আনহাতে বানৰ কবলত পৰিছে ১৫৪৯০ হেক্টৰ শস্য পথাৰ। বানাক্ৰান্ত সকলৰ বাবে ৮১ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।