
ডিব্ৰুগড়ঃ অসমীয়াৰ জাতিৰ অস্তিত্ব আজি বিপদাপন্ন৷ '৬০ৰ দশকৰপৰাই জাতিটোৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজপথত সংগ্ৰাম চলাই গৈছে৷ তথাপিও দিল্লীৰ প্ৰতিখন চৰকাৰে যেন অসমৰ জনতাৰ আবেগ-অনুভূতিক গুৰুত্ব প্ৰদান নকৰি অসমৰ ৰাইজৰ জনমতৰ বিৰুদ্ধে কাম কৰি গৈছে৷
অসমৰ জনতাই অসমক বিদেশী মুক্ত কৰাৰ বাবে জোৰদাৰ আন্দোলন কৰি গৈছে৷ প্ৰতিখন চৰকাৰে অসমৰ বুকুৰপৰা বিদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত সকলো ফুটুকাৰ ফেন হৈ পৰে৷
বিদেশী বহিষ্কাৰৰ দাবীত ৰাজ্যৰ পুনৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে বৰাক উপত্যকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব বুলি দম্ভালি মৰাৰ বিষয়টোক সহজভাৱে ল'ব পৰা নাই অসমৰ ৰাইজে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত ব্যাপক আন্দোলন গঢ় লৈ উঠাৰ সময়েত বিৰোধীৰ মতামতক আওকাণ কৰি যুটীয়া সংসদীয় সমিতিয়ে অসমবিৰোধী প্ৰস্তাৱ গ্ৰহণ কৰি জ্বলা জুইত ঘিউ ঢলাৰ দৰে কাৰ্য কৰিছে।
অসমৰ জনতাই তথা যুটীয়া সংসদীয় সমিতিৰ বিৰোধী সদ্যসই উত্থাপন কৰা বিষয়সমূহ প্ৰত্যাখান কৰি বিধেয়কখন আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱাৰ লগতে অহা ৭ জানুৱাৰীত জে পি চিয়ে ইয়াৰ চূড়ান্ত প্ৰতিবেদন লোকসভাত দাখিল কৰিবলৈ ওলাইছে।
অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা সমিতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰা হ’ব বুলি শিলচৰত স্পষ্টকৈ জনসভাত উল্লেখ কৰাৰ কাৰণে গৰিহণা দিয়াৰ লগতে বিধেয়কখন বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহ কৰে।
অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিক লৈ খেলা নকৰিবলৈ মোডীক সকীয়াই দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখন গৃহীত কৰা হ’ব বুলি ঘোষণা কৰাত হাত চাপৰি বজাই সমৰ্থন কৰাত তেওঁক জাতিধ্বংসী আইনখনৰ সমৰ্থক আৰু অসমীয়া জাতিৰ শক্ৰ তথা বদন বৰফুকনতকৈও ডাঙৰ শত্ৰু বুলি আখ্যা দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই আৰু ৰাজীৱ গগৈয়ে কয়, মুখ্যমন্ত্ৰী সোণোৱালে অতি শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবীত কেন্দ্ৰীয় চৰকাৰক বাধ্য নকৰিলে তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত প্ৰৱেশ কৰিলে যিকোনো গণতান্ত্ৰিক কাৰ্যসূচীৰে বাধা প্ৰদান কৰা হ’ব বুলি সকীয়াই দিয়ে।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা জাতীয় নায়ক সন্মান কাঢ়ি আনিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে আহ্বান জনায় ছাত্ৰ সন্থাক।