চাবুৱা/ডিব্ৰুগড়ঃ অসমৰ তথা উজনি অসমৰ হৃদপিণ্ডস্বৰূপ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংকটক পৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাক একমাত্ৰ বনৰীয়া ঘোঁৰা থকা ঠাই বুলি জনা যায়৷ 

বনৰীয়া ঘোঁৰাৰ বিচৰণভূমি বুলি খ্যাত তথা পৰ্যটন কেন্দ্ৰ হিচাপেও বিখ্যাত৷ বনৰীয়া ঘোঁৰাৰ প্ৰত্যক্ষ কৰাৰ মোহত ৰাজ্যখনৰ লগতে দেশী-বিদেশী লোকেও উদ্যানখনত প্ৰতিবছৰে ভিৰ কৰে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱ-বৈচিত্ৰৰ ভঁড়াল বুলি কলে বঢ়াই কোৱা নহ’ব৷

জানিব পৰা মতে, বিশ্বৰ ১৯নং জৈৱ-বৈচিত্ৰৰ স্থানপ্ৰাপ্ত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু ৰাজ্যিক পক্ষী দেওহাঁহৰ বাবে পৃথিৱী বিখ্যাত। বিভিন্ন প্ৰজাতিৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ আদিৰ সমাহাৰেৰে হোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ভেই গছ বহু আছে। 

তদুপৰি ইয়াৰ জলাশয় বিলাকত বিভিন্ন প্ৰজাতিৰ মাছ-কাছ দুস্প্ৰাপ্য প্ৰজাতিৰ ঘৰিয়াল আদি দেখিবলৈ পোৱা যায়। প্ৰতিবছৰে শীতকালত বিভিন্ন দেশ-বিদেশৰ পৰা আগমন ঘটা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে ইয়াৰ জলাশয়সমূহত মুখৰিত কৰে। 

প্ৰায় ডেৰশৰো অধিক বনৰীয়া ঘোঁৰা থকা উদ্যানখনত বহুতো বনৰীয়া ঘোঁৰা বানপানী আৰু ৰোগৰ চিকাৰ হোৱাত দ্ৰুত গতিত সংখ্যা পাইছে বুলি আমাৰ সাংবাদিকে স্থানীয় লোকৰ সৈতে কথা পাতি অৱগত হয়৷ সম্প্ৰতি ডিব্ৰু-ছৈখোৱাত ৪৫-৫০টা মানহে বনৰীয়া ঘোঁৰা থকা বুলি কয় স্থানীয় ৰাইজে৷ ডিব্ৰুগড় জিলাৰ চাৰখলিয়া চাপৰিতো যোৱা কিছুদিন ধৰি প্ৰায় ৫০টা বনৰীয়া ঘোঁৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে৷

জিলাখনৰ হিলৈধাৰী পঞ্চায়তৰ চাৰখলিয়া চাপৰিৰ চিৰিয়াৱলীৰ পৰা বাঘিনী আলিলৈ এটা সময়ত ডাঠ হাবি আছিল। ১০-১২ বছৰ আগলৈকে ইয়াৰ কিছু অস্তিত্ব আছিল যদিও এতিয়া মুকলি চাপৰিত অসংখ্য বগৰী গছ হে দেখা যায়। এই বগৰি গছবোৰো আজি ৰহমৰীয়া অঞ্চলৰ পৰা যোৱা এচাম লোকে কাটি খৰি হিচাপে লৈ যোৱা দেখা যায় কেৱল বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ।

অঞ্চলটোত ১৯৮০ চনৰ পৰা বনৰীয়া ঘোঁৰাৰ বিচৰণ কৰি থকাৰ বিষয়ে স্থানীয় ৰাইজে অৱগত হয়৷ মানুহৰ ছাঁ নসহা ঘোঁৰাজাকে মানুহৰ উপস্থিতি বোধ কৰিলেই ধূলি উৰুৱাই দৌৰ মাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ডিব্ৰুগড় চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত প্ৰায় ৫ কিলমিটাৰ ব্যাসাৰ্ধৰ চিৰিয়াৱলীত চাপৰিত বিচৰণ কৰা ঘোঁৰাৰ বিষয়ে স্বয়ং বন বিভাগৰো খবৰ নাই।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজপথৰ কাষে কাষে বা কিছুমান নিৰ্বাচিত অঞ্চলত বনানীকৰণ কৰিছে যদিও ১৫ হেজাৰ বিঘাৰ বৃহত চাপৰিটোত কিন্তু এজোপাও গছ ৰোপন কৰা হোৱা নাই। গছবিহীনভাৱে পৰি আছে বৃহৎ বৃহৎ মুকলি পথাৰ। যত ঝাওবন, খেৰ বা বনেৰে পৰিপূৰ্ণ। এতিয়া ন ন মুখৰ লোকে হাবি-ডাঙি বাৰী পাতিছে। হয়তো ১০ বছৰ মানৰ মূৰত চৰণীয়া পথাৰৰ অভাৱত এই বনৰীয়া ঘোঁৰা কেইটাৰ অস্তিত্বৰ প্ৰতি সংকট আহি পৰিব।

এইবাৰ উদ্যান খন গৰাখহনীয়াৰ কৱলত পৰিছে৷ সম্প্ৰতি অতি ভয়াবহ ভাৱে উদ্যানখনৰ উত্তৰফালে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণফালে ডিব্ৰু নৈৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে। আনপিনে ধেমাজী জিলাৰ কাবু চাপৰি সংৰক্ষিত বনাঞ্চলত প্ৰায় ১,৫০০ পৰিয়ালে বসবাস কৰি আছে। নাগৰিকসকলে ডিব্ৰু-ছৈখোৱা জৈৱ ভূমি বেদখল কৰাৰো অভিযোগ উত্থাপন হয়৷

শেহতীয়াকৈ চৌদিশৰ পৰা ভাবুকিৰ সৃষ্টি হৈছে উদ্যান খনৰ প্ৰতি। ৩৪০ বৰ্গকিলোমিটাৰ মাটিকালিৰে ১৯৯৯ চনৰ ২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল৷ সম্প্ৰতি মাটিকালি সংকুচিত হৈ অহাৰো অভিযোগ উত্থাপন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ এনে অৱস্থাত বাবে প্ৰকৃতিপ্ৰেমী চিন্তিত হৈ পৰিছে৷