ডিব্ৰুগড়ঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে এখন সুকীয়া দেশৰ বাবে৷ এই সংগ্ৰামক সন্মান জনাই ভাৰত চৰকাৰে শেহতীয়াকৈ আলোচনা আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে দেশৰ চৰকাৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি অহা NSCNৰ সৈতে এখন চুক্তি কৰে৷

কিন্তু এই চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্যে চৰ্চিত হৈছে৷

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ তাৰ মাজতে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমূকৈ অামছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে বুধবাৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চুক্তি শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনায়৷

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলাৰ উপদেষ্টা ছফিৰ অালম খান, সভাপতি ইমতিয়াজ আলীয়ে অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায় সংগঠনটোৱে।

ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজত যি ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰা হৈছে তাকো শীঘ্ৰে ৰাজহুৱা কৰা হোৱা নাই। নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব। অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটিও নাগালেণ্ডক দিবৰ কাৰণে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে অামছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে৷