♦ কনভয়ৰ সন্মুখতে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

♦ সন্মুখীন হ’ল অবাঞ্ছিত পৰিস্থিতিৰ 

ডিব্ৰুগড়ঃ আই এম ডি টি আইন বাতিল কৰাৰ হোতা আছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ উচ্চতম ন্যায়ালয়ত আইনখন বাতিল হোৱাৰ পাছত সোণোৱালে দিল্লীৰপৰা আহি অসমত উপস্থিত হোৱাৰ সময়ত ফুলৰ মালা পিন্ধাই তেওঁক ‘জাতীয় নায়ক’ বুলি অসমৰ লোকে অভিধা দিছিল৷

অসমৰ মানুহে যিজন লোকক বিমান বন্দৰৰপৰা আদৰি আনি ‘জাতীয় নায়ক’ উপাধি প্ৰদান কৰিছিল, সেই একেজন লোককেই দেওবাৰে ক'লা পতাকা প্ৰদৰ্শন কৰি ক্ষোভৰ বহিঃপ্ৰকাশেৰে প্ৰতিবাদ সাব্যস্ত কৰি আন এক নজিৰ সৃষ্টি হৈছে৷

যিজন লোকক অসমৰ সৰ্বপ্ৰকাৰৰ লোকে হিয়াৰ আমঠু কৰি লৈ জাতীয় জীৱনক নেতৃত্ব দিয়াৰ দায়িত্ব অপৰ্ণ কৰিছিল, সেইজন লোকক অনিচ্ছা সত্ত্বেও ক'লা পতাকা প্ৰদৰ্শন কৰি তেওঁৰ কাম-কাজক সমালোচনা কৰিব লগা হ'ল৷

বিদেশী বহিষ্কাৰৰ দাবীত জাতীয় আন্দোলনৰ নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাক দীৰ্ঘ সময়ৰ বাবে নেতৃত্ব দিয়া সোণোৱালৰ মৌনতাত অসমবাসী আজি অস্থিৰ৷

ছাত্ৰ সন্থাৰ মজিয়া এৰি সক্ৰিয় ৰাজনীতিলৈ অহা সোণোৱালে বিদেশী খেদিব বুলি যোৱাটো বিধানসভা নিৰ্বাচনত অসমৰ জনতাৰপৰা ভোট ভিক্ষা কৰিছিল৷

ৰাইজেও সোণোৱালৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হৈ ভোট প্ৰদান কৰিছিল যদিও শাসনৰ বাঘজৰী লাভ কৰি মুখ্যমন্ত্ৰী সোণোৱালে পাভলুটি মাৰিলে৷

বিদেশী বহিষ্কাৰৰ দাবীত দীৰ্ঘকাল আন্দোলন কৰা সোণোৱালে আজি বিদেশী অনাৰ পক্ষতহে ওকালতি কৰাত অসমৰ ৰাইজে জাতীয় নায়ক উপাধিধাৰী সোণোৱালৰ বিৰুদ্ধে যোৱা ডেৰ বছৰ ধৰি ক্ষোভ প্ৰকাশ কৰি আন্দোলন কৰি আহিছে৷

অসমবাসীৰ আন্দোলনলৈ কোনো ভ্ৰুক্ষেপ নকৰি বি জে পিৰ নেতা-কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত বাংলাদেশৰ হিন্দু শৰণাৰ্থীক সংস্থাপন কৰিব খোজাত অসমৰ লোকৰ ধৈৰ্যৰ বান্ধ যেন চিঙি গৈছে৷

যাৰ ফলত অসমৰ প্ৰতিবাদী জনতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ সেয়াও নিজ গৃহ জিলা ডিব্ৰুগড়ত।

তাত আয়োজিত এক সভাত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ মুখামুখি হ'ল ক'লা পতাকাৰ। ফলত সৃষ্টি হয় এক অবাঞ্ছিত পৰিস্থিতিৰ। ৰাজ্যৰ ৭০ টা জাতীয়-জনগোষ্ঠীয় আৰু সংখ্যালঘু সংগঠনে ডিব্ৰুগড় চৌকিডিংগি খেলপথাৰত অনুষ্ঠিত হোৱা ৬১ সংখ্যক আহোম সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত তথা জাতীয় জনগোষ্ঠীয়-সংখ্যালঘু সংগঠনৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ আগত ক'লা কাপোৰ প্ৰদৰ্শন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

পূৰ্বৰেপৰা ডিব্ৰুগড়ৰ চৌকিডিংগি চাৰিআলিত সমৱেত হৈ থকা দুই সহস্ৰাধিক নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ক'লা কাপোৰ প্ৰদৰ্শন কৰে।

ইপিনে মুখ্যমন্ত্ৰীৰ বাহনৰ সমীপতে পতাকা প্ৰদৰ্শন কৰাত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে। ইয়াৰ পাছতে ক্ষোভিত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।