লাহোৱালঃ অসম সৰ্বশিক্ষা অভিযানৰ, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লাহোৱাল আৰু পানীতোলা শিক্ষাখণ্ডৰ বিদ্যালয় পৰিচালনা সমিতিৰ জিলা পৰ্যায়ৰ সমল ব্যক্তিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। ২৪, ২৫ আৰু ২৮ জানুৱাৰীত হোৱা প্ৰশিক্ষণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বশিক্ষাৰ জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) নিবেদিতা বৰুৱাই। 

প্ৰাক্ প্ৰাথমিক শিক্ষয়িত্ৰী প্ৰশিক্ষণ কেন্দ্ৰ, ডিব্ৰুগড়ত সম্পন্ন হোৱা জিলা পৰ্যায়ৰ বিদ্যালয় পৰিচালনাৰ বিভিন্ন দিশৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তিদ্বয় যুগল কোঁৱৰ আৰু জ্যোতি সুন্দৰ ভৌমিকে। প্ৰশিক্ষণৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা এখন হাতেলিখা আলোচনী 'সমন্বয়' প্ৰকাশ কৰা হয়। আলোচনীখন উন্মোচন কৰে প্ৰাক্ প্ৰাথমিক শিক্ষয়িত্ৰী প্ৰশিক্ষণ কেন্দ্ৰ, ডিব্ৰুগড়ৰ অধ্যক্ষা অলি খনিকৰ আৰু ডিব্ৰুগড় জিলা সৰ্বশিক্ষা অভিযান মিছনৰ জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) নিবেদিতা বৰুৱাই। 

তেখেতসকলে হাতেলিখা আলোচনীখন উন্মোচন কৰিবলৈ পাই অত্যন্ত সুখী বুলি অভিহিত কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতিভাক শলাগ লয় আৰু সমল ব্যক্তিদ্বয় যুগল কোঁৱৰ আৰু জ্যোতি সুন্দৰ ভৌমিকৰ ভূমিকা প্ৰশংসা কৰে। সামৰণি অনুষ্ঠানটিৰ আঁত ধৰে যুগল কোঁৱৰে। সদৌ শেষত শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে নিবেদিতা বৰুৱাই।