
ডিব্ৰুগড়ঃ উজনি-নামনি আকৌ বানৰ কবলত৷ যোৱা তিনিদিন ধৰি ৰাজ্যখনৰ কেইবাখনো জিলা বানৰ কবলত পৰি ককবকাই থাকিব লগা হৈছে৷ ব্ৰহ্মপুত্রৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাবিত হৈছে ন’ ন’ অঞ্চল৷ অসম আৰু ইয়াৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচলত দি থকা ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্র৷ ব্ৰহ্মপুত্রৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ কেইবাখনো গাঁৱত তাণ্ডৱ সৃষ্টি কৰিছে।
জিলাখনৰ লাহোৱাল সমষ্টিৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহমৰীয়াৰ ৭০০ পৰিয়ালৰ গৃহ বানৰ কবলত পৰিছে ৷ জানিব পৰা মতে, ৰহমৰীয়া অঞ্চলৰ বিশেষকৈ বগৰীতলীয়া, চাপৰিগাঁও, সৰুগাঁও, নিজ ৰহমৰীয়া, চামনি, মাজপাৰা, ৰহমৰীয়া লাইন, গেনিচুক অাদি কৰি ৰহমৰীয়া মৌজাৰ অধিকাংশ গাঁৱৰ পানীত ডুব গৈ অাছে ৷ ইফালে ৰহমৰীয়াৰ অঞ্চলৰ কেইবাটাও পথ বানত ডুব যোৱাত যান-বাহন চলাচল বন্ধ হৈ অাছে ৷
লগতে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে অঞ্চলটোত৷ অাজি লাহোৱাল বিধান সভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৰহমৰীয়া অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লৈ বন্যাৰ্ত ৰাইজক চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা অাগবঢ়োৱা হ'ব বুলি প্ৰতিশ্রতি দিয়ে৷
ৰহমৰীয়াৰ বানপীড়িত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল গগৈ অাৰু সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই জিলা প্ৰশাসনক দাবী জনায়৷