
ডিব্ৰুগড়ঃ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে বৰাক উপত্যকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব বুলি দম্ভালি মৰাৰ বিষয়টোক সহজভাৱে ল'ব পৰা নাই অসমৰ ৰাইজে৷
অসমত জনতাই ব্যাপক আন্দোলন গঢ়ি তোলাৰ সময়েত তথা বিৰোধী সদস্যসকলৰ মতামতক আওকাণ কৰি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমবিৰোধী ধাৰাৰেই অনুমোদন জনোৱাৰ পাছৰেপৰা ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ পৰিছে৷
অসমৰ জনতা তথা যুটীয়া সংসদীয় সমিতিৰ বিৰোধী সদস্যই উত্থাপন কৰা প্ৰস্তাৱসমূহ প্ৰত্যাখান কৰি জে পি চিয়ে ইয়াৰ চূড়ান্ত প্ৰতিবেদন অহা ৭ জানুৱাৰীত লোকসভাত দাখিল কৰিব। লগে লগে বাট মুকলি হ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন আৰু গৃহীত কৰাৰ।
অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে অহা ৭ জানুৱাৰীৰ দিনৰ ১১ বজাত গুৱাহাটী ক্লাব ৰ’টাৰীত বাওঁ-গণতান্ত্ৰিক মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰিব।
এক বিবৃতি যোগে অসম ৰাজ্যিক এছ এফ আয়ে গুৱাহাটীৰ লগতে এছ এফ আইৰ ৰাজ্যৰ সকলো শাখা সমিতিক একক অথবা যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়ছে।
যি সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু বি জে পিয়ে আগ্ৰাসী মনোভাব লৈ বিধেয়কখন সংসদত উত্থাপন কৰিবলৈ তৎপৰ হৈছে, এছ এফ আয়ে এই 'সাম্প্ৰদায়িক' তথা সংবিধান-বিৰোধী আৰু অসম-বিৰোধী এই বিধেয়কখনক সমস্ত শক্তিৰে প্ৰতিহত কৰিবলৈ সংগঠনটোৰ সকলো সদস্য তথা সাধাৰণ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান জনাইছে এছ এফ আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে।