
ডিজিটেল ৰিপ'ৰ্টঃ "জনসাধাৰণৰ সন্তুষ্টি-অসন্তুষ্টি দুয়োটাৰে প্ৰতি গুৰুত্ব দিব লাগে। বৰ্তমান চৰকাৰৰ প্ৰতি লাহে লাহে অসন্তুষ্টি বাঢ়িছে যেন বোধ হয়। আগৰ চৰকাৰৰ দিনত মানুহ অতিষ্ঠ হোৱাকৈ বহু অনুষ্ঠান-প্ৰতিষ্ঠান, আঁচনি ৰাজীৱ গান্ধীৰ পৰিয়ালৰ নামত হৈছিল। এতিয়া আকৌ এনে ট্ৰেণ্ড এটাই আহিছে। দীনদয়াল উপাধ্যায়াই যে এজন ডাঙৰ মানুহ, পণ্ডিত দেশপ্ৰেমিক আছিল সন্দেহ নাই। কিন্তু একেলগে বহুবোৰ অনুষ্ঠান, আঁচনিৰ নাম দীনদয়াল উপাধ্যায়ৰ নামত কৰাৰ যুক্তি নাই। বিধায়কসকলেও বিধানসভাৰ মজিয়াত এইবোৰৰ বিৰোধিতা কৰিব লাগে।"- বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি আজি বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সন্মুখতে এই মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াই।
♦ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ অধিৱেশন সম্পন্ন
তেওঁ লগতে সাংবাদিকসকল মানুহ, সমাজ দেশ আৰু সত্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায়। তেওঁ আৰু কয়, "সাংবাদিকতা অতি পবিত্ৰ। স্বাধীনতাৰ আগতে সাংবাদিকতা দেশৰ বাবে মহৎ উদেশ্য লৈ গঢ়ি উঠিছিল। তাৰ পিছত ক্ৰমান্বয়ে ব্যৱসায় হিচাপে গঢ়ি উঠিছে। নিউজ যেতিয়া ভিউজ হয় তেতিয়া পৱিত্ৰতা নোহোৱা হয়। কাৰোবাক দোষাৰোপ কৰি বাতৰি দিব নালাগে। নিউজ নিউজেই। সত্য দৰ্শন চকুৰ আগত ৰাখি সাংবাদিকতা কৰিব লাগিব। ব্যক্তিগত দিশত যাব নালাগে। মানুহৰ চৰিত্ৰ হনন কৰাটো আটাইতকৈ ডাঙৰ অপৰাধ।"
সভাত জিলা উপায়ুক্ত লয়া মাদুৰীয়ে সাংবাদিকে প্ৰকাশ কৰা তথ্যসমূহে প্ৰশাসনিক কাম-কাজ পৰিচালনাত সহায় কৰে বুলি মন্তব্য কৰে। তদুপৰি সাংবাদিকসকলে বিভিন্ন আঁচনিসমূহৰ বিষয়ে জনোৱাৰ লগতে সঠিক পথ দেখুৱাব লাগে বুলিও দোহাৰে। ক্লাৱৰ সভাপতি ভূষণ জ্যোতি সন্দিকৈয়ে সঞ্চালনা কৰা সভা তথা সম্বৰ্ধনা অনুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক গৌতম বৰাই কয়, "আজিৰ সমাজত সাংবাদিকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰক্ষীতকৈ সাংবাদিকৰ ভূমিকা কম নহয়।" তেওঁ লগতে ডিব্ৰুগড়ৰ সাংবাদিকসকলে সহযোগিতা আগবঢ়াই অহা বুলি উল্লেখ কৰি এনে এটা দিন নাই যিদিনা সাংবাদিকৰ লগত কথা পতা নাই বুলি মন্তব্য কৰে।
সভাত কানৈ কলেজৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই অসমত সাংবাদিকতা এতিয়াও উদ্যোগ হিচাপে গঢ়ি উঠা নাই বুলি ব্যক্ত কৰে। উক্ত সভাতে ক্লাৱৰ তৰফৰ পৰা অধিৱেশন উপলক্ষ্যে শিক্ষা-সংস্কৃতি-সংবাদ, ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা পাঁচগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সেই অনুসৰি শিক্ষাৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বাবে শিক্ষাবিদ হৰেন চেতিয়া, সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পী হীৰেন গোহাঁই, সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঞি, ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা এথলেটিকছ খেলুৱৈ কুঞ্জলতা গগৈ আৰু সমাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ সহধৰ্মিনী শান্তি গগৈক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।
সুৰজ দত্তই উদেশ্য ব্যাখ্যা কৰা উক্ত সভাত জিলা জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীকে ধৰি বহু কেইটা জাতীয় সংগঠনৰ নেতা কৰ্মী তথা বিশিষ্ট ব্যক্তি উপষ্ঠিত থাকে। ইয়াৰ পিছতে ক্লাৱৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাত নতুন সমিতি গঠন কৰা হয়। মনজিত বৰাক সভাপতি, ৰাতুল বুঢ়াগোহাঁইক সাধাৰণ সম্পাদক, আদিত্য শইকীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়।