♦ জাতিধ্বংসী বিধেয়কক লৈ খিলঞ্জীয়াক চৰম অপমান-তাচ্ছিল্যৰ কৰা সৰ্বা-হিমন্তক কঠোৰ সকীয়নি

♦ ডিকমত হাজাৰ-হাজাৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ-প্ৰতিবাদী সভা 

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত গৃহীত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বি জে পিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে৷ 

উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বি জে পিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷ বিশেষকৈ একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসমৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ যিগৰাকী নেতাক একালত অসমৰ ৰাইজে ফুলৰ মালা পিন্ধাইছিল সেইগৰাকী নেতাক আজি অসমৰ ৰাইজে লেই লেই চেই চেই কৰিছে৷ এতিয়া সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ পৰিৱৰ্তে খলনায়ক আখ্যা দিছে সোণোৱালক৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসমীয়া জাতিৰ নিৰৱচ্ছিন্ন আন্দোলনক তিলমানো গুৰুত্ব প্ৰদান নকৰি অৱশেষত অসমীয়া জাতিৰ অস্তিস্ত নাশকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বি জে পি চৰকাৰে লোকসভাত গৃহিত কৰে৷

লোকসভাত বিধেয়কখন উত্থাপন হোৱাৰ পাছৰেপৰা অসমৰ আছু আৰু আছুৰ নেতৃত্বৰ ২৯টা জাতীয়-জনগোষ্ঠীয় সংগঠনে অসম বন্ধ ঘোষণা কৰাৰ লগতে ৭০ জাতীয় সংগঠনে আন্দোলন কৰি গৈছে৷ লোকসভাত বিধেয়ক উত্থাপন হোৱাৰ সময়ত অসমতো অব্যাহত আছিল ব্যাপক আন্দোলন৷ তাৰ পাছৰেপৰা সমগ্ৰ অসম জ্বলিবলৈ ধৰিছে। 

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ অঞ্চল ডিকমত ৰহমৰীয়াবাসী ৰাইজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নাদুৱা চাইডিঙৰপৰা প্ৰায় ৪ কিঃমি খোজ কাঢ়ি হাজাৰ-হাজাৰ জনতাই হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে 'সৰ্বানন্দ সোণোৱাল হায় হায়', 'হিমন্ত বিশ্ব শৰ্মা হায় হায়', 'বি জে পি চৰকাৰৰ কাম নাই', নৰেন্দ্ৰ মোডী মিছলীয়া, 'সৰ্বা-হিমন্তই কেতিয়া বাংলাদেশীক I Love You বুলি ক’লে জবাব লাগে জবাব দিয়ক', সৰ্বা-হিমন্তই কেতিয়া বাংলাদেশীৰ প্ৰেমত পৰিল জবাব লাগে জবাব দিয়ক, সৰ্বানন্দ সোণোৱালক RSSৰ মোহন ভাগৱতৰ ভতুৱা কুকুৰটোৱে কেতিয়া কামুৰিলে জবাব লাগে জবাব দিয়ক, সৰ্বানন্দ যদি তোমাৰ গাত অসমীয়া তেজ আছে তুমি পদত্যাগ কৰা, নহ'লে অসম ত্যাগ কৰা, জাতীয় নায়ক খলনায়ক আদিৰ বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলাৰ পাছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ 

মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হৰিকান্ত দুৱৰাই আঁতধৰা প্ৰতিবাদী সভাত ৰহমৰীয়াৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে এই বিধেয়কখন সমৰ্থন আগবঢ়োৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। আনহাতে প্ৰতিবাদী সভাত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি লিখন বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপদেষ্টা ৰমেশ গোহাঁই, উপ-সভাপতি অজয় গগৈ, চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি লাজাৰ নন্দ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই আৰু সাংগঠনিক সম্পাদক উদয়ন বৰুৱাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি দ্বীবন ফুকনে কয় জাতিধ্বংসী বিধেয়কক লৈ খিলঞ্জীয়াক চৰম অপমান-তাচ্ছিল্যৰ কৰা সৰ্বা-হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী শৰ্মাই ৮৫৫ জন শ্বহীদৰ পৰিয়ালক অপমান কৰিছে, এই অপমান সহ্য কৰা নহ'ব। 

সংগঠনকেইটাৰ নেতাকেইজনে আৰু লগতে কয় যে এসময়ৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিজে প্ৰতিবাদ কৰি জাতিৰ ৰক্ষা কথা কৈছিল কিন্তু সেইজন জাতীয় নায়কে অসমৰ দল-সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনাব নজনা মুখ্যমন্ত্ৰী সোণোৱালৰ যদি গাত অসমীয়া তেজ আছে তেতিয়া হ'লে পদত্যাগ কৰা, নহ'লে অসম ত্যাগ কৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে। আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰহমৰীয়াবাসী ৰাইজে জংগীৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হুংকাৰ দিয়ে।