ডিব্ৰুগড়ঃ ডিব্ৰুগড় গড়কাপ্তানী বিভাগত হোৱা কোটিটকীয়া কেলেংকাৰীত জড়িত ঠিকাদাৰসহ এগৰাকী কৰ্মচাৰীক  ইতিমধ্যে  জেললৈ প্ৰেৰণ কৰাৰ পিছত আজি পুনৰ মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এটা দলে শাখাই  অভিযান চলায়। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক ৰিপুঞ্জিত কাকতি, পৰিদৰ্শক বিনয় কুমাৰ বৰ্মনৰ নেতৃত্বত অহা চাৰিজনীয়া দলটোৱে বিভাগটোৰ পথ সংমণ্ডল কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীক সোধ-পোছ কৰাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে।

দলটোৱে কাৰ্য্যবাহী  অভিযন্তা  অজিত ভূঞা, বৰ্তমান শিৱসাগৰত কৰ্মৰত সহকাৰী  অভিযন্তা ভূপেন গগৈ, মৰাণ পথ সংমণ্ডলৰ সহকাৰী অভিযন্তা জয়ন্ত গোঁহাই আৰু  ডিব্ৰুগড়ৰ কাৰ্য্যবাহী  অভিযন্তা কাৰ্য্যলয়ৰ গাণনিক তিলক কোঁৱৰক জেৰা চলাই দলটোৱে।

উল্লেখযোগ্য যে বিভাগটোৰ একাংশ অভিযন্তা তথা বিষয়া কৰ্মচাৰী মিলি পথ নিৰ্মাণৰ নামত কেইবাকোটি টকা লুণ্ঠন চলোৱা বুলি অভিযোগ উঠিছিল। আনকি পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পথৰ নামতো ভুৱা বিল প্ৰস্তুতিৰে সৰকাইছিলি কোটি কোটি টকা।

বিশেষকৈ ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে এনে দুষ্কাৰ্য কৰি গৈছিল বুলি জানিব পৰা গৈছে। তদুপৰি ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ  এটা পথ নিৰ্মাণৰ নামতো ২০১৪ চনত ঠিকাদাৰ আহমেদ আলি আনচাৰিৰ নামত ভুৱা বিল প্ৰস্তুত কৰা চক্ৰটোৱে ধন সৰকাই নিবলৈ যো-জা চলাইছিল।

সেই সন্দৰ্ভত ঠিকাদাৰ গৰাকীয়ে লিখিতভাৱে জনোৱাৰ লগতে দিছপুৰ থানাত গোচৰ তৰিলছিল। পিছত তদন্তৰ দায়িত্ব  মূখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষলৈ হস্তান্তৰ কৰিছিল। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ এগৰাকী আৰ টি আই কৰ্মীয়ে মুখ্যমন্ত্ৰী তদাৰকী কোষত এজাৰ দিছিল।

উল্লেখযোগ্য যে যোৱা ১৭ জুনত তদাৰকী কোষে ৰাজেশ শ্বাহ নামৰ এগৰাকী ঠিকাদাৰ আৰু  বৰ্তমান তিনিচুকীয়াত কৰ্মৰত বিজয় সিং নামৰ সহকাৰী অভিযন্তাক গেপ্তাৰ কৰিছিল। ইপিনে  আজি তদাৰকী কোষে ধন লুণ্ঠনৰ বহু তথ্য প্ৰমাণ লাভ কৰা বুলিও সন্দেহ কৰা হৈছে। এই দিশলৈ চাই অচিৰেই এই কেলেংকাৰীত জড়িত আৰু ঠিকাদাৰ, বিষয়া কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।