ডিব্ৰুগড়ঃ তিনিচুকীয়া বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আস্থানন্দিনী বৰোগোহাঞিৰ ‘যাদুকৰণী হালকাৰা’ নামৰ এখনি অনুবাদ শিশু উপন্যাস বিদ্যালয় প্ৰাংগণত বুধবাৰে শুভ উন্মোচন হয়। হিন্দী সাহিত্যিক নিশা গুপ্তা (নিশা নন্দিনী ভাৰতীয়)ৰ মূল শিশু উপন্যাসখনৰ এই অসমীয়া অনুবাদ গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘জে এছ পাব্লিকেশ্যনছ’ৰ প্ৰকাশক প্ৰণৱ হাজৰিকাই।

বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে শিক্ষক তথা লেখক আৰু নাট্যকৰ্মী নীলদ্বীপ চক্ৰৱৰ্তীয়ে। গ্ৰন্থখন উন্মোচন কৰে তিনিচুকীয়া বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ গুৰুচৰণ দাসে। অনুষ্ঠানটোত বিদ্যালয়ৰ উপাধ্যক্ষ মেঘনা কাকতি, জ্যেষ্ঠ শিক্ষক তথা সাংস্কৃতিক কৰ্মী জীতামণি বৰদলৈ মহন, শিক্ষক তথা গায়ক আৰু লেখক ৰঞ্জিত মুক্তিয়াৰ, কাৰ্যালয় সহায়ক পৰাগ কুমাৰ গোস্বামী উপস্থিত থাকি আস্থানন্দিনীক প্ৰেৰণা যোগায়।

আস্থানন্দিনীৰ এই কৰ্মত আনন্দিত হৈ শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে বিদ্যালয়ৰ আনসকল ছাত্ৰ-ছাত্ৰীও যাতে নিজৰ প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত আগুৱাই যায় সেই আশা ব্যক্ত কৰে শিক্ষকসকলে। আস্থানন্দিনীয়ে সপ্তম শ্ৰেণীত পঢ়ি থাকোতে ইংৰাজীৰপৰা কৰা কেইবাটাও সাধুৰ অসমীয়া অনুবাদ ‘প্ৰিয় সাধুকথা’ নামেৰে এখন গ্ৰন্থ ইতিপূৰ্বে প্ৰকাশ হৈছে।

‘প্ৰিয় সাধুকথা’ (২০১৭) প্ৰকাশ কৰিছে গুৱাহাটীৰ ‘সাৰথি প্ৰকাশন’ (অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰ)ৰ প্ৰকাশক অনিল বৰুৱাই। ‘যাদুকৰণী হালকাৰা’ অস্থানন্দিনীৰ দ্বিতীয়খন প্ৰকাশিত অনুবাদ গ্ৰন্থ। ইংৰাজী মাধ্যমত পঢ়িলেও অসমীয়া ভাষাত চৰ্চা ৰখা আস্থানন্দিনীক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰশংসা কৰে। আস্থানন্দিনীয়ে পিতৃ-মাতৃ, শিক্ষক-শিক্ষিয়িত্ৰী, শুভাকাংক্ষী আৰু প্ৰকাশকৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি জনায়। আস্থানন্দিনীৰ পিতৃ লক্ষীনন্দন বৰগোহাঞি আৰু মাতৃ জুৰী বৰা বৰগোহাঞি।