
লাহোৱালঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত বুধবাৰৰপৰা অনিৰ্দিষ্টকালীন শ্ৰেনীবৰ্জন কাৰ্য্যসূচী ঘোষণা কৰাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভায়ো অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত লয়।
সংবাদ মাধ্যমৰ যোগেদি প্ৰেৰণ কৰা বাৰ্তাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতি মৃদুল গগৈয়ে এই বিষয়ে জানিবলৈ দিয়ে৷
"আমি - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু ইয়াৰ অধীনস্থ শতাধিক মহাবিদ্যালয়ে সামূহিকভাৱে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিন্ধান্ত ললো, লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰশক্তিৰ ভৃত্য - দালালৰ প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰিলো; ইয়াৰ বাবদ - ৰাষ্ট্ৰই মূৰ, কাণ, যি ছিঙি নিয়ে নিয়ক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব - সকলো ওলাই আহক; বিশ্ববিদ্যালয়ে নেতৃত্ব দি'ম" বুলি উক্ত বিবৃতিটোত কোৱা হয়৷