ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। বৃহস্পতিবাৰে বিধেয়কখনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিছে ৰে’লপথ অৱৰোধ কাৰ্যসূচী। 

জাতীয় সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন স্থানত ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জাতিধ্বংসী সংশোধনী বিধেয়কৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু নাগৰিকত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত পানীতোলাত ৰে'লপথ অৱৰোধ কৰে।

কাৰ্যসূচীত অংশ লৈ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈয়ে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল আসনখন ধৰি ৰাখিবৰ বাবেই প্ৰধানমন্ত্ৰী মোডী আৰু বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ওচৰত নিৰ্লজ্জভাৱে আঁঠু লৈ বিধেয়কখন সমৰ্থন কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা পদক্ষেপক যুৱ-ছাত্ৰ পৰিষদে প্ৰতিহত কৰিবলৈ অনাগত সময়ত অধিক শক্তিশালী ৰূপত সংগ্ৰাম গঢ়ি তোলাৰ হ'ব বুলি কেন্দ্ৰীয় নেতাগৰাকীয়ে উল্লেখ কৰে।