
চামগুৰিঃ ড০ পীতাম্বৰ দেৱ গোস্বামীক নতুনকৈ চিনাকী দিয়াৰ প্ৰয়োজন নাই৷ ১৯৫৯ চনৰ ১৪ জুনত ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ বিজয় মাহামৰা সত্ৰত জন্ম গ্ৰহণ কৰা ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি. অধ্যাত্মিক জ্ঞান, ঐক্য, সংহতি ৰক্ষাৰ বাবে কাম কৰি গৈছে৷
দেৱকান্ত গোস্বামী আৰু সুভদ্ৰা দেৱীৰ সুযোগ্য সন্তান ৯ বছৰ বয়সতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হেমচন্দ্ৰ দেৱগোস্বামীৰ হাতত অৰ্পণ কৰা হৈছিল। তেওঁ দুলীয়াজানৰ জালান প্ৰাথমিক বিদ্যালয়ত। আউনীআটী সত্ৰৰ আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয়ত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।
আউনীআটীৰ হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীলৈ পঢ়াৰ পিছত উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ শাখা সত্ৰলৈ যায় আৰু ১৯৭৭ চনত উত্তৰ গুৱাহাটী কমলদেৱ প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা ১৯৭৯ চন আৰু ১৯৮১ চনত ক্ৰমে প্ৰাক বিশ্ববিদ্যালয় আৰু অসমীয়াত স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত নিৰ্মালি গ্ৰহণ কৰে আৰু বৰ্তমান ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ৷ তেওঁ অজামিল উপাখ্যান (পবিত্ৰ পাপী), দিতিৰ দৰ্পচূৰ্ণ, ৰজা ৰুক্মাংগদৰ ধৰ্ম পৰীক্ষা আদি গ্ৰন্থও লিখি চহকী কৰিছে অসমীয়া সাহিত্যৰ ভৰাল৷
newsnextone.comৰ সাংবাদিক দিব্যজ্যোতি ভূঞাই ড০ পীতাম্বৰ দেৱ গোস্বামীৰ সাক্ষাতকাৰ গ্ৰহণ কৰে৷ নগাঁও জিলাৰ পুৰণিগুদামৰ আউনীআটি সত্ৰৰ এডলীয়াবৰ শাখাত ৰাঙলী চ'ৰা আৰু মণিকূট প্ৰতিষ্ঠা দিৱসত অংশ লবলৈ আহি পুৰণিগুদামৰ এডলীয়াবৰ শাখাত বাহৰ পাতি থকা সময়ত সাংবাদিক দিব্যজ্যোতি ভূঞাই ড০ পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে কথা পাতে৷
অসমৰ সত্ৰীয়া-সংস্কৃতিৰ বিশিষ্ট সাধক ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়
দিব্যজ্যোতি ভূঞাঃ অসমৰ সত্ৰ সমূহৰ সন্দৰ্ভত আপুনি কি কয়?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ সমাজ জীৱনত সত্ৰৰ প্ৰাসংগিকতা আছে আৰু যুগে-যুগে থাকিব। জনকল্যাণহিত চিন্তাই হ'ল সত্ৰৰ ধৰ্ম। নাম গোৱা, খোল বজোৱা আৰু প্ৰসংগ কৰাটোৱেই সত্ৰৰ কাম নহয়৷ যিসমূহ সত্ৰই প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আঁতৰি আহিছে সেই সত্ৰ সমূহৰ প্ৰাসংগিকতা হেৰাই গৈছে৷
দিব্যজ্যোতি ভূঞাঃ সত্ৰীয়া সংস্কৃতি সন্দৰ্ভত আপুনি কি ক’ব?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰ সমূহৰ শিষ্যসকলৰ লগত সঘনাই যোগসূত্ৰ স্থাপন কৰি সত্ৰীয়া সংস্কৃতিৰ দিশটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শাখা সত্ৰ সমূহৰ প্ৰাসংগিকতা অধিক। এটা জাতিৰ পৰিচয় সম্ভৱ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ যোগেদি৷ আমাৰ আত্মপ্ৰকাশৰ মূল মাধ্যম হ'ল ভাষা। অসমীয়া ভাষা-সংস্কৃতিয়ে পৰিচালিত সকলেই হ'ল অসমীয়া জাতি। অসমীয়া জাতিয়ে নামঘৰ বা নামঘৰৰ অনুৰূপ অনুষ্ঠানক হৃদয় বুলি ভাৱে।
দিব্যজ্যোতি ভূঞাঃ অসমীয়া জাতি সম্পৰ্কত আপুনি কি কয়?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ জন্মগতভাৱে অসমীয়া সংস্কৃতিৰ ৰীতি- নীতি আৰু সাজপাৰ আদিৰ জৰিয়তে যিকোনো ধৰ্মৰ মানুহেই অসমীয়া জাতি হিচাপে পৰিচয় দিব পাৰে৷ উৰণীয়া চৰাইৰ দৰে অসমলৈ আহি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিলেই তেওঁ অসমীয়া নহয়। শংকৰী-সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতি দুয়োটা একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি "সংস্কৃতি এখন বোৱঁতি নদী"৷
দিব্যজ্যোতি ভূঞাঃ অসমৰ যুৱ প্ৰজন্মক আপুনি কি বাৰ্তা দিব?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ সৎ, শালীনতা আৰু বিনয় স্বভাৱ নাথাকিলে মানুহ ঊশৃংখল হয়। ঊশৃংখল মানুহৰ জীৱনৰ লক্ষ্য উদ্দেশ্য ব্যৰ্থ হয়। আমাৰ নতুন প্ৰজন্মই সঘনাই উজুটি খাই বিপথে পৰিচালিত হ'ব লগা হৈছে৷ আমাৰ সমাজত তিনিটাভাৱে উজুটি খাব লগা পৰিবেশ হৈছে। বিশেষকৈ কোনোবাই অবাটে গৈ উজুটি খাইছে, অধিকভাৱে অকাল মৃত্যুক সাবটি লৈ উজুটি খাব লগা হৈছে আৰু অহেতুক বিপদেও মানুহ উজুটি খোৱাইছে বুলি ড০ গোস্বামীয়ে কৈ আধ্যাত্মিক চিন্তাৰ জৰিয়তে উজুটি খোৱাৰ পৰা ৰেহাই পাব৷
দিব্যজ্যোতি ভূঞাঃ সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত চৰকাৰক আপুনি কি আহ্বান জনাব?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ অসমৰ সত্ৰ সমূহৰ মাটি চৰকাৰে বেদখলমুক্ত কৰিব লাগে। এইক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে কিছু পৰিমাণে পদক্ষেপ গ্ৰহন কৰাটো আদৰণীয়৷ অসমৰ সত্ৰ সমূহৰ বিভিন্ন সমস্যা আছে। সেই সমূহ পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰি প্ৰকৃত সত্ৰক চৰকাৰে গুৰুত্ব দিয়া উচিত৷ আদৰ্শ আৰু পৰিৱেশ থকা অসমৰ বহু সত্ৰ এতিয়াও বঞ্চিত হৈ আছে৷ এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিলে আৰু সহায়ৰ হাত আগবঢ়ালে সত্ৰ সমূহ দহগুণ জনমুখী হ'ব আৰু তেতিয়া সত্ৰৰ প্ৰতি মানুহৰ শ্ৰদ্ধা বাঢ়িব।
দিব্যজ্যোতি ভূঞাঃ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলিৰ পৰা প্ৰতিনিধিত্ব কৰিছে৷ আপুনি কি ভাৱে?
ড০ পীতাম্বৰ দেৱ গোস্বামীঃ মুখ্যমন্ত্ৰীজনৰ এটা আধ্যাত্মিক মন আৰু চেতনা আছে। এইক্ষেত্ৰত মাজুলীৰ উন্নয়নৰ বাবে মাজুলীৰ ৯৫ শতাংশ মানুহে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হোৱাটো বিচাৰিছে। মাজুলীত দলং হ'লে মাজুলীৰ ঐতিহ্য বিনষ্ট নহয়। অন্যথা কাজিৰঙাৰ বন্যপ্ৰাণীৰ দৰে মাজুলীবাসী পণবন্দী হৈ থাকি যাব৷
দিব্যজ্যোতি ভূঞাঃ বহুমূলীয়া সময় দিয়া বাবে newsnextone.comৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ।