নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ হাইডুবীত যোৱা ২৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই যুৱকে কৰুণ মৃত্যুক আকোৱালি লয়৷ দুই যুৱক নগাঁও সদৰ থানা এলেকাৰ কাতিমাৰী পথাৰ নিবাসী আব্দুছ চালামৰ পুত্ৰ ফাইজুল হক(৩৮) আৰু মুচলেম উদ্দিনৰ পুত্ৰ নছৰ উদ্দিন(৩০) বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, ২৬ ফেব্ৰুৱাৰীৰ বিয়লি দুই যুৱকে এ এছ-০২-কিউ-২৫১৭ নম্বৰৰ মটৰ চাইকেলেৰে ধিং অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে৷ ফলত গুৰুতৰভাবে আহত দুই যুৱকক সংকটজনক অৱস্থাত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত ১০৮ সেৱাৰ জৰিয়তে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ দুই যুৱকৰ অকাল মৃত্যুয়ে কাতিমাৰী পথাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে৷