28
Aug
2017

ডিমাকুছিঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত আছে৷ ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ পাছতেই এইবাৰ বন্যহস্তীৰ তাণ্ডৱ ওদালগুৰি জিলাত৷
খাদ্য বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা এটা বন্যহস্তীৰ জাকে আজি পুৱতি নিশা বৰঙাজুলি চাহ বাগিছাত আক্ৰমন চলায়৷
বনৰীয়া হাতীৰ আক্ৰমনত ১নং সোনাজুলি গাঁৱৰ অৰ্জুন মুণ্ডা নামৰ পয়ত্ৰিশ বছৰীয়া ব্যক্তিজন নিহত হয়৷