ধিংঃ ৰেলৰ চকাৰ তলত প্ৰান গ’ল এজনৰ৷ আজি পুৱাৰ ভাগত মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখী কলংপাৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰেলখনৰ চেপাত এজন ব্যক্তিৰ মৃত্যু হয়৷

এই ঘটনা  সংঘটিত হয় ধিঙৰ তলিবৰ সোনাৰীগাৱঁৰ ৰেলপথত৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃত ব্যক্তিজন। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।