কলিয়াবৰঃ কলিয়াবৰৰ হাটীমূৰা মন্দিৰৰ সমীপত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ পানীত পৰি জখলাবন্ধাৰ শেনচোৱা গাঁৱৰ প্ৰতাপ দাস (২২) নামৰ যুৱক এজনৰ মৃত্যু হয়৷

যুৱকজন কিদৰে পানীত পৰিল, সেয়া জানিব পৰা হোৱা নাই৷ তেজপুৰৰ পৰা অহা SDRF বাহিনীৰ অভিযানত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যুৱক জনৰ মৃত শৰীৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷