তেজপুৰঃ শোণিতপুৰ জিলাৰ বিহগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিখুটি গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন বিবাহিত যুৱকে ধৰ্ষণ কৰে এগৰাকী মূকবধিৰ সম্পৰ্কীয় ভগ্নীক। মূকবধিৰ যুৱতীক ধৰ্ষণ কৰা এই লম্পটজন হৈছে ৩৮ বৰ্ষীয় কৃষ্ণ নাথ।

প্ৰাপ্ত বাতৰি মতে, যোৱা ৩০ জুলাইত দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট কৃষ্ণই যুৱতীগৰাকীক ধৰ্ষণ কৰে। সেই সময়তে ভূক্তভোগী যুৱতীগৰাকীৰ সৰু ভগ্নী ঘৰ আহি পাই উক্ত দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগায়। লগে লগে কৃষ্ণই তাৰ পৰা পলায়ন কৰে। পিছত বায়েকে কান্দিবলৈ ধৰাত ওচৰ-চুবুৰীয়াসকল আহি কৃষ্ণক বিচাৰিবলৈ আৰম্ভ কৰে।

গাঁৱৰ নেতৃস্থানীয় লোকৰ পৰামৰ্শত সৰু ভগ্নীয়ে ঘটনা সন্দৰ্ভত বিহগুৰি থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৫০৭/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী কৃষ্ণৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। পিছত য়োৱা নিশা দাঁতিকাষৰীয়া এখন গাঁৱৰ পৰা আৰক্ষীয়ে কৃষ্ণক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে বহুদিন পূৰ্বেই পিতৃ-মাতৃক হেৰুওৱা দুৰ্ভগীয়া যুৱতীগৰাকীয়ে দুখ-কষ্টৰে দুই ভগ্নীৰ সৈতে বাস কৰি আহিছে। স্থানীয় ৰাইজে জনোৱা মতে, বালিখুটি গাঁৱৰ ক’লাই নাথৰ পুত্ৰ কৃষ্ণই পত্নী-সন্তানক অত্যাচাৰ কৰি ঘৰৰ পৰা মাতৃগৃহলৈ খেদি পঠিয়াইছে। পত্নীয়ে ৰুজু কৰা গোচৰৰ আদালতত বিচাৰ চলি থকাৰ মাজতে পুনৰ কৃষ্ণই অপৰাধ সংঘটিত কৰা কাৰ্যক সকলোৱে একমুখে গৰিহণা দিছে।

ইফালে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উত্তৰ অসম দিব্যাংগ সন্থাৰ বিহগুৰি আঞ্চলিকৰ সম্পাদক পৌৰব নাথে। তেওঁ মূকবধিৰ, দিব্যাঙ্গ সকলৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰা নহ’ব বুলি সকীয়াই দি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়।