
ফিল’বাৰীঃ ডিগবৈৰ টিংৰাই উল্টাপুলত তীব্ৰ উত্তেজনা৷ এখন তীব্ৰ বেগী ট্ৰাকে এখন বাইকত খুন্দা মৰাৰ ফলত দুজন যুৱকৰ মৃত্যুৰ পিছতেই উত্তেজনাৰ সৃষ্টি হয়৷ ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা সংঘটিত হৈ দুজন লোকৰ নিহত হোৱা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, AS-01-GC-1847 নম্বৰৰ এখন ট্ৰাকে ডিগবৈ অভিমুখে আহি থকা AS-23-R-9913 নম্বৰৰ পালছাৰ বাইকত খুন্দা মৰাৰ ফলত বাইক আৰোহী দুজন থিতাতে নিহত হয়। নিহত লোক কেইজন হৈছে মাকুমৰ যুগল গোঁহাই (১৮) আৰু মাকুমৰ বাৰেকুৰি চিৰাজ সোণোৱাল।