newsnextone.com লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ বৰডুমচা দিশৰ পৰা তিনিচুকীয়া অভিমুখে দ্ৰুত গতিত গৈ  থকা AS 23 AC 5400 নম্বৰৰ খ্ৰীষ্টিনা নামৰ যাত্ৰীবাহী বাছ খন পেঙেৰী বনাঞ্চলৰ মাজবাটত নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।

ফলত বহু যাত্ৰী গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হয় ৷ বাছ খনত থকা যাত্ৰীসকলৰ ভিতৰত গুৰুতৰ ভাবে আহত হোৱা ২০ জন যাত্ৰীক ততালিকৈ ডিগবৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ লগতে বহু কেইজন লোকক ইতিমধ্যে ডিগবৈ আই অ চি চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে হৈছে।

ইফালে দুৰ্ঘটনাটোত বহু কেইজন ব্যক্তিৰ লগতে গীতা ছেত্ৰী নামৰ যুৱতী গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।