নলবাৰীঃ এগৰাকী সমাজকৰ্মী, জ্যেষ্ঠ অধিবক্তাই আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত৷ নলবাৰী সদৰ থানাৰ অন্তৰ্গত দক্ষিণ প্ৰান্তৰ জাপাৰকুছিৰ নিবাসী সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা দ্বীজেন শৰ্মাই বিষপান কৰি আজি আত্মহত্যা কৰে৷

মঙলবাৰে গুৱাহাটীৰ ভাড়া ঘৰৰ পৰা শিক্ষয়িত্ৰী পত্নীৰ সৈতে নলবাৰী ঘৰলৈ আহিছিল অধিবক্তা শৰ্মাই৷ ঘৰলৈ অহাৰ কিছু সময় পিছতে বিষপান কৰে৷ন তাততৈয়াকৈ পৰিয়ালৰ লোকে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাত তাত নি ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পিছতে মৃত্যু হোৱাৰ হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

পাৰিবাৰিক সংঘাটৰ বাবে শৰ্মাৰ আত্মাহত্যা কৰা বুলি জানিব পৰা গৈছে৷ সমাজকৰ্মী-জেষ্ঠ্য অধিবক্তা দ্বীজেন শৰ্মাৰ  এনে মৃত্যুত নলবাৰী জিলা বাৰ এছোচিয়েশ্যন, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক অলকেশ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজনী আঞ্চলিক সমিতিৰ সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক হিৰণ্য ভট্টাচাৰ্য, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি কামিনী কান্ত মিশ্ৰ,সম্পাদক শংকৰ শৰ্মা, বাঁহজনী জিলা পৰিষদৰ সদস্যা চপলা ৰাজবংশী মেধি সহ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে৷ উল্লেখনীয় যে অধিবক্তা শৰ্মা হল নিউজ লাইভৰ ঝংকাৰ অনুষ্ঠানত খ্যাতি অৰ্জন কৰা শিশু শিল্পী  ৰিদিপ্তা শৰ্মাৰ পিতৃ৷