18
Feb
2019

ডিমাকুছিঃ অসম সাহিত্য সভা ডিমাকুছি শাখা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা মহেশ শৰ্মাই সাহিত্য সভাৰ সকলো পদবীৰপৰা পদত্যাগ কৰে৷
এক বিবৃতিত তেওঁ জানিবলৈ দিয়া মতে সাহিত্য সভা নিৰপেক্ষ হ’ব লাগে তথা অৰাজনৈতিক হ’ব লাগে৷ কিন্তু সাহিত্য সভাৰ লগত জড়িত একাংশ লোকে ৰাজনৈতিক দলৰ নেতাৰ শৰনাপন্ন হৈছে৷
সেয়েহে এই কাৰ্যত ক্ষুন্ন হৈ তেওঁ পদত্যাগ কৰা বুলি জনিবলৈ দিয়ে৷ পৰৱৰ্তী সময়ত সাহিত্য সভাৰ সৈতে তেওঁ কেতিয়াও জড়িত নহ’ব বুলিও কয়৷