
newsnextone.com। ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ডিমাকুছি চেন্ট্ৰেল বেংকৰ সন্মুখত শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মহিলাৰ মৃত্যুক লৈ সমগ্ৰ ডিমাকুছিত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে ডিমাকুছি চাহ বাগিছাৰ দিপেন চহৰীয়াৰ পত্নী তুলিকা চহৰীয়াই নিজৰ সম্পৰ্কীয় দেউৰেক জোন শৰ্মাৰ লগত ডিমাকুছিৰ পৰা দুচকীয়া বাহনেৰে গৃহমুখী হৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এএচ-০১- ডিডি-০৪৮৬ নম্বৰৰ ট্ৰাকখনে প্ৰথমে খুন্দিয়াই পলায়ন কৰে৷
কিন্তু ঠিক সেই সময়তে ট্ৰাকৰ পিছত আহি থকা এএচ-০১ এইচ চি৭৮৯৫ নম্বৰৰ ডাম্পাৰখনে বাইকসহ মহিলাক মহটিয়াই নিয়ে ফলত ছিন্ন ভিন্ন হয় মহিলাৰ মৃতদেহ ৷ আনহাতে গুৰুত্বৰ ভাবে আহত হয় বাইকৰ চালক জোন শৰ্মা৷ এই ঘটনাই ডিমাকুছিত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় তথা একাংশ উত্তেজিত লোকে ট্ৰাকক খেদি ধৰি চালকক উত্তম মধ্যম দি থানাত গতাই দিয়ে৷
উল্লেখ্য যে, ডাম্পাৰৰ খুন্দাত নিহত মহিলা তুলিকা চহৰীয়াৰ দুটিকৈ কনমানি সন্তান আছে৷ আনহাতে দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত জোন শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ স্থানীয় লোকে কৰা অভিযোগ অনুসৰি যোৱা কেইমাহ ধৰি ডিমাকুছিত ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ লগতে অতি কম বয়সীয়া চালক নিয়োগ কৰিছে ডাম্পাৰৰ মালিকে যাৰ ফলত একাধিক অঘটন সংঘটিত হৈ আহিছে ডিমাকুছিত কিন্তু আৰক্ষী-পৰিবহন বিভাগে এনে উদণ্ড ডাম্পাৰৰ চালকক নাকী নলগোৱাৰ বাবে আজি এনে ঘটনা সংঘটিত হয় ডিমাকুছিত৷