বাতৰিটো শেহতীয়াকৈ অপডেট কৰা হৈছে

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বিস্ফোৰণত দুজন লোক নিহত হয়।

ডিমৌৰ নিতাইপুখুৰীত কমল আগৰৱালা নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান হনুমান হাৰ্ডৱেৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত এক বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণত দুজন লোক গুৰুতৰভাৱে আহত হৈছিল যদিও পাছত দুয়োজলৰে মৃত্যু হয়। এই বিস্ফোৰণ আলফা স্বাধীনৰ গ্ৰেণেড আক্ৰমণৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে এয়া গ্ৰেণেড বিস্ফোৰণ নহয় বুলি প্ৰাথমিক তদন্তৰ পাছত প্ৰকাশ কৰাত ঘটনাটো ৰহস্যঘন হৈ পৰিছে। 

প্ৰাপ্ত তথ্য মতে, বিয়লি দোকানখনলৈ এজন গ্ৰাহকৰ আগমন ঘটে আৰু গ্ৰাহকজনৰ সৈতে স্বত্বাধিকাৰী আগৰৱালাৰ কথা-বতৰা চলি থকাৰ সময়তে প্ৰচণ্ড শব্দ কৰি এটা বিস্ফোৰণ হয়।

আবেলি জনাকীৰ্ণ বজাৰত সংঘটিত এই বিস্ফোৰণৰ পাছতে সমগ্ৰ ডিমৌতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় লোকসকল বিস্ফোৰণ সংঘটিত হোৱা স্থানলৈ আহি দুজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে।

আহত লোক দুজনক চিকিৎসালয়লৈ নিবলৈ যো-জা চলাই থকাৰ সময়তে এজন লোকৰ মৃত্যু হয়। নিহত লোকজন নিতাইপুখুৰীৰ লাছন গাঁৱৰ অৰিয়া গুপ্তা (৪৬) বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক হনুমান হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী কমল আগৰৱালা (৪৬)ৰ চিকিৎসাধীন অৱস্থাত নিশা ৮ঃ৩০ বজাত মৃত্যু হয়।

জানিব পৰা মতে, কিছুদিন পূৰ্বে কেইবা লাখ টকা দাবী কৰি আলফা স্বাধীনে আগৰৱালালৈ পত্ৰ প্ৰেৰণ কৰিছিল। তালৈ চাই আজি সংঘটিত এই বিস্ফোৰণৰ ঘটনাৰ আঁৰত নকৈ সক্ৰিয় হৈ পৰা আলফা স্বাধীন জড়িত থকা বুলি অধিকাংশ লোকে সন্দেহ ব্যক্ত কৰিছে ৰাইজে।

ইফালে, ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল।